দিল্লীত ভয়ংকৰ ঘটনা ! বিবাহিত ব্যক্তিয়ে গুলীয়াই হত্যা কৰিলে প্ৰেমিকাক

0
1300

দিল্লীত ভয়ংকৰ ঘটনা ! বিবাহিত ব্যক্তিয়ে গুলীয়াই হত্যা কৰিলে প্ৰেমিকাক

দিল্লীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ নাৰেলাৰ অও’ হোটেলৰ এটা কোঠাত ৩৮ বছৰীয়া এজন বিবাহিত ব্যক্তিয়ে তেওঁৰ প্ৰেমিকাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তজনক প্ৰবীণ ওৰফে চিতু বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ৩৯ বছৰীয়া ভুক্তভোগী গীতাই মঙলবাৰে প্ৰবীণ থকা হোটেলখনৰ কোঠাটো লৈ আহিছিল। তাৰ পিছতে দুয়োৰে মাজত তীব্ৰ তৰ্ক হৈছিল। কাজিয়াখন ইমানেই ডাঙৰ হৈছিল যে প্ৰবীণে খঙতে গীতাক বুকুত গুলীয়াইছিল। গীতাক হত্যা কৰাৰ পিছত প্ৰবীণে নিজকে হত্যা কৰিবলৈ চেষ্টা কৰিছিল।

প্ৰবীণে নিজৰ মূৰত গুলী মাৰিছিল । লগে লগে হোটেলৰ কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে গীতাক মৃত বুলি ঘোষণা কৰে। অৱশ্যে প্ৰবীণ বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ইয়াৰ পূৰ্বেও প্ৰবীণে গৌৰৱ নামৰ এজন লোকক গুলীয়াই ছিল আৰু ভুক্তভোগীৰ দেউতাকে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

কিন্তু পিছত জামিন দিয়া হৈছিল। সংকটজনক অৱস্থাত থকা প্ৰবীণৰ সুশীলা নামৰ এগৰাকী পত্নী আছে যি তেওঁলোকৰ সন্তানৰ সৈতে এখন গাঁৱত বাস কৰে।ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।