চিনি পাইছেনে কোন! নাকত ৰুমাল লৈ লাজ লাজকৈ দৰাৰ সাজত এয়া….

0
11807

চিনি পাইছেনে কোন! নাকত ৰুমাল লৈ লাজ লাজকৈ দৰাৰ সাজত এয়া….শুকুৰ আলী। কইনা আনিবলৈ বুলি দৰা পাৰ্টী লৈ কইনাৰ ঘৰত উপস্থিত শুকুৰ আলী।

ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমৰে এটি চৰ্চিত নাম শুকুৰ আলী। কেতিয়াবা যদি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী, কেতিয়াবা আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত উপস্থিত হৈ মামাৰ সৈতে কথা বতৰা।

সামাজিক মাধ্যত বহুল চৰ্চিত এই শুকুৰ আলীয়ে সোমবাৰে নিশা জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে।

প্ৰায়ে নিজৰ অসমীয়া ভাষাৰ লগতে হিন্দী আৰু ইংৰাজী ভাষাত থকা দখলৰ কথা উনুকিয়াই থকা শুকুৰে আলীয়ে সোমবাৰে নিশা বিবাহ পাশত আৱদ্ধ হয়।

কোকৰাঝাৰ জিলাৰ ডিংডিগা ঠাকুৰপুৰ গাঁৱৰ ছফীক মিঞাৰ কন্যা ছবিনা খাতুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ধুবুৰীৰ লগতে সমগ্ৰ অসমৰে জনসাধাৰণৰ চিনাকি চেহেৰা শুকুৰ আলীয়ে।