২০২১ত মুখ্যমন্ত্ৰী হ’ব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী!

কংগ্ৰেছ জয়ী হলে কেইবাটাও দপ্তৰৰ দায়িত্ব ল'ব মৰিয়নীৰ বিধায়কগৰাকীয়ে

0
75
ফাইল ফটো

২০২১ত কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী। ইতিমধ্যেই ইয়াকে লৈ আৰম্ভ হৈ বহু জল্পনা কল্পনা। সৰ্বানন্দ সোণোৱাল আৰু তৰুণ গগৈ, কোনে বিৰাজ কৰিব মুখ্যমন্ত্ৰী আসনত? সকলো দলেই আৰম্ভ কৰিছে ৰণনীতি।

পিছে এইবোৰৰ মাজত ৰূপজ্যোতি কুৰ্মীৰ এক অন্য মন্তব্য। কংগ্ৰেছ জয়ী হলে কেইবাটাও দপ্তৰৰ দায়িত্ব ল’ব ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নীৰ পৰা কোনো মন্ত্ৰী নহয়, হ’লে মুখ্যমন্ত্ৰী হ’ব, মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব ৰূপজ্যোতি কুৰ্মীয়ে।

সপোনত আহি মাতৃয়ে দিয়া বাধাৰ বাবেই গেৰুৱা হ’ব নোৱাৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ফলত গেৰুৱা বসন পিন্ধি মন্ত্ৰী হোৱাৰ আশাও নিৰ্বাপিত হ’ল বিধায়কগৰাকীৰ। কিন্ত এতিয়াও আশা এৰি দিয়া নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

এইবাৰ ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ দল জিকিব আৰু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছৰ অন্য দুই তিনিজন মূখ্য মন্ত্ৰীত্বৰ দাবীদাৰ থাকিব যদিও শেষত ৰূপজ্যোতিয়ে হ’ব অসমৰ মূখ্যমন্ত্ৰী। এই দাবী স্বয়ং বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

উল্লেখ্য যে, বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মৰিয়নীৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি ২১ৰ বিধান সভা নিৰ্বাচনত মৰিয়নীত বিজেপি প্ৰাৰ্থী জয়ী হ’লে মন্ত্ৰীত্ব দিব বুলি ঘোষণা কৰিছিল। ইয়াৰ পাছতে বিজেপি সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনায় মৰিয়নীৰ পৰা মন্ত্ৰী নহয় ৰূপজ্যোতি কুৰ্মী নিজে মূখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰা কাৰ্য্যই তাৎপৰ্য্য বহন কৰিছে।

Photo And Video Credit: Sopoon Rehman Saikia