
অসমত পুনৰ গ্ৰেপ্তাৰ হ’ল মাওবাদী ! ক্ৰাইম বান্সে গ্ৰেপ্তাৰ কৰিলে মাওবাদী নেতাক
অসমত পুনৰ আন এটা দুৰ্ধৰ্ষ মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ক্ৰাইম বান্সে গ্ৰেপ্তাৰ কৰা মাওবাদী নেতা জনৰ নাম ধৰিত্ৰী শৰ্মা ।
গুৱাহাটীৰ পৰা যোৱা ক্রাইম ব্রান্সৰ এটা দলে অভিযান চলাই গ্রেপ্তাৰ কৰে নেতাজনক।ক্ৰাইম বান্সৰ দলটোৱে শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধৰিত্ৰী শৰ্মাক।শনিবাৰৰ পৰাই ক্ৰাইম ব্ৰান্সৰ জিম্মাত আছে মাওবাদী নেতাজন।
জানিব পৰা মতে দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চন দা ৰ সহযোগী আছিল ধৰিত্ৰী শৰ্মা।