নাৰায়ণপুৰত খাদ্যত বিষক্ৰিয়া; নামৰ প্ৰসাদ খাই অসুস্থ ডেৰ শতাধিক লোক

0
2968

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাণবাৰীত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত কেইবাগৰাকীও লোক চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ভাদ মাহৰ নামৰ প্ৰসাদ খাই বুধবাৰৰ পৰা পাণবাৰী গাঁৱৰ প্ৰায় ডেৰ শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে।

আক্ৰান্ত লোকসকলৰ বমি, পেটৰ বিষ, মূৰৰ বিষ, শৌচ হোৱাত তেওঁলোকক নাৰায়ণপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বৃহস্পতিবাৰে নিশাই ভৰ্তি কৰোৱা হয়।

ইয়াৰে কেইবাজনো লোক চিকিৎসাৰ পিছত কিছু পৰিমাণে আৰোগ্য হৈ ঘৰলৈ উভতে যদিও আজি দুপৰীয়াৰ পৰা পুনৰ চিকিৎসালয়খনলৈ আগমন ঘটিছে ৰোগীৰ।

ইফালে, চিকিৎসালয়খনত উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰোগীয়ে।

আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসা নোপোৱাৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি বৰ্তমানলৈকে ৭০ গৰাকী ৰোগীৰ চিকিৎসা চলি থকা বুলি জনাইছে চিকিৎসকে।

ইনপুট : বিতোপন ফুকন