উদ্যোগ মন্ত্ৰীৰ গৃহ জিলাতে উদ্যোগৰ মৃত্যুঘণ্টা, ধ্বংস হৈছে এটাৰ পিছত এটাকৈ উদ্যোগ

0
71
উদ্যোগ মন্ত্ৰীৰ গৃহ জিলাতে উদ্যোগৰ মৃত্যুঘণ্টা, ধ্বংস হৈছে এটাৰ পিছত এটাকৈ

উদ্যোগ মন্ত্ৰীৰ গৃহ জিলাতে উদ্যোগৰ মৃত্যুঘণ্টা, ধ্বংস হৈছে এটাৰ পিছত এটাকৈ উদ্যোগ

উদ্যোগ মন্ত্ৰীৰ গৃহ জিলাতে উদ্যোগৰ মৃত্যুঘণ্টা, ধ্বংস হৈছে এটাৰ পিছত এটাকৈ উদ্যোগ। কিন্তু কাণসাৰ নাই মন্ত্ৰী তথা চৰকাৰৰ।

এইবাৰ উত্তৰ পূর্বাঞ্চলৰ প্ৰথমটো হাত কাকত উদ্যোগৰ অচলাৱস্থা। ১৯৭২ চনত উদ্যোগটো স্থাপন হৈছিল নলবাৰীৰ বাঁহজানীৰ গোপালথানত।

কিন্তু বিদুৎ সংযোগ তথা কম সংখ্যক কৰ্মচাৰীৰ অভাৱত প্ৰায় বহু মাহ ধৰি বন্ধ হৈ আছে এই উদ্দ্যোগটো ৷ লাখ টকীয়া মেছিন সমুহো বিকল হৈ পৰিছে উদ্যোগটোৰ ৷

কিন্তু নিৰ্বিকাৰ চৰকাৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। যি উদ্যোগ পুনঃ স্থাপনে বহু জীৱিকাৰ বাট মুকলি কৰিব পাৰে সেই উদ্যোগ বহু মাহ পাৰ বছৰ দিয়েক ধৰি বন্ধ।

নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ পিছত গ্ৰাম্যাঞ্চল সমুহৰ এনে উদ্দ্যোগ সমূহে সংস্থাপনৰ বাট মূকলি কৰি দিব পাৰে বহু নিবনুৱা ক যুৱক-যুৱতীক ৷ নিজ জিলাৰ উদ্যোগটোৰ মৃত্যুমুখী যাত্ৰাত এতিয়া উদ্দ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষনীয় হব ?

Input and Photo- HIrak Deka

আৰু পঢ়ক : আজি পদক লৈ দেশত উপস্থিত হ’ব অলিম্পিকৰ ভাৰত গৌৰৱ সকল, বিশাল অনুষ্ঠানত সকলোকে সন্মানিত কৰিব