33 C
Guwahati
Tuesday, September 27, 2022
More

    পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ ৩৬ বছৰীয়া যুৱকৰ মৃতদেহ

    নগাঁও জিলাৰ বটদ্ৰৱাৰ ভেৰভেৰীত আজি এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    বটদ্ৰৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰীত পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ৩৬ বছৰীয়া যুৱকৰ মৃতদেহ।

    স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বটদ্ৰৱা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    উদ্ধাৰ হোৱা মৃতদেহটো ৰামপুৰসত্ৰৰ ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে, এয়া হত্যা নে আত্ম হত্যা সেয়া বৰ্তমান সময় লৈকে জানিব পৰা হোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং