নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি বিপদত, কথমপি প্ৰাণ ৰক্ষা ভোজপুৰি হাৰ্টথ্ৰব মনোজ তিৱাৰীৰ

0
283
নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি বিপদত, কথমপি প্ৰাণ ৰক্ষা ভোজপুৰি হাৰ্টথ্ৰব মনোজ তিৱাৰীৰ

অসমলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি বিপদত, কথমপি প্ৰাণ ৰক্ষা ভোজপুৰি হাৰ্টথ্ৰব মনোজ তিৱাৰীৰ। কথমপি হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিজেপিৰ ষ্টাৰ প্ৰচাৰক তথা ভোজপুৰি অতিকে জনপ্ৰিয় অভিনেতা মনোজ তিৱাৰী।

কালি কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিজেপিৰ ষ্টাৰ প্ৰচাৰ ক ভোজপুৰি হাৰ্টথ্ৰব মনোজ তিৱাৰীৰ হেলিকপ্টাৰ। ৰাতাবাৰীৰ এখন নিৰ্বাচন জনসভাত নিজেই জনালে এই কথা।

গুৱাহাটীৰ খানাপাৰাৰ অস্থায়ী হেলিপেডৰ পৰা ৰাতাবাৰীৰ সভাস্থলীত থকা অস্থায়ী হেলিপেডলৈ উৰিছিল। কিন্ত অলপ পিছতেই বায়ুৰ নিম্ন চাপৰ(low visibility) ৰ বাবে মেঘালয়ৰ পাহাৰত খুন্দা মাৰিব লগিয়া পৰিস্থিতিৰ সম্মুখীন হৈছিল।

কিন্ত শ্ৰীলংকাৰ পাইলটৰ বিচক্ষণতাৰ বাবে দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে। হেলিকপ্টাৰ ঘুৰাই গুৱাহাটীৰ খানাপাৰাত আকৌ অৱতৰণ কৰাৰ বাবে বাধ্য হয়।

পিছত চাৰ্টাৰ্ড প্লেনৰ জৰিয়তে গুৱাহাটীৰ পৰা শিলচৰ বিমানবন্দৰত অবতৰণ কৰি পথেৰে ৮ ঘণ্টা পলমকৈ সভাস্থলীত উপস্থিত হয় মনোজ তিৱৰী।

Input And Photo – Manoj Mohanty

আৰু পঢ়ক : অখিল আৰু লুৰিণৰ ভাগ্য পৰীক্ষা! প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে তিনিটা সমষ্টিত