24.1 C
Guwahati
Monday, October 18, 2021
More

    অভিনেতাৰ ভিডিঅ’ দেখি আত্মহত্যাৰ চেষ্টা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়াৰ, চাওক সেই ভিডিঅ…

    অভিনেতাৰ ভিডিঅ’ দেখি আত্মহত্যাৰ চেষ্টা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়াৰ, চাওক সেই ভিডিঅ…

    সামাজিক মাধ্যমত আজি কালি সকলো ফালেই কেৱল ভাইৰেল ভিডিঅ আৰু ভাইৰেল ফটোৰ দিন। যাৰ বাবে বহুতেই জনপ্ৰিয়তাৰ শিখৰত উঠে আৰু আন বহুতেই আকৌ নিজৰ জীৱনো শেষ কৰি পেলায়। তেনেই এক অনুৰূপ ঘটনা সংঘটিত হৈছে দেশত।

    এগৰাকী অভিনেতাৰ ভিডিঅ দেখি আত্মহত্যাৰ চেষ্টা এগৰাকী মিষ্টাৰ ইণ্ডিয়াৰ। যি ঘটনাই তোলপাৰ লগাইছে মুম্বাই মহানগৰৰ লগতে মডেলিং জগত। অভিনেতা চাহিল খানৰ ভিডিঅ দেখি আত্মহত্যাৰ চেষ্টা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া মনোজ পাটিলৰ।

    বৰ্তমানে মুম্বাইৰ কুপাৰ হাস্পতালত ভৰ্তি হৈ আছে মনোজ পাটিল। চিকিৎসকে বৰ্তমানে মনোজ পাটিল সংকটমুক্ত বুলি জানিবলৈ দিছে। মনোজে এই আত্মহত্যা চেষ্টাৰ কাৰণ কেৱল মাত্ৰ অভিনেতা চাহিল খান বুলিয়ে অবিহিত কৰিছে।

    কোনো ঔষধ খাই আত্মহত্যাৰ চেষ্টা কৰা বুলি জানিবলৈ দিছে মনোজে। কৈছে যে, বিগত কেইবামাহো ধৰি অভিনেতাগৰাকীয়ে মানসিকভাৱে বহুত অশান্তি দি আছিল। যাৰ বাবেই বুধবাৰে নিশা তেনে এক ঘটনাকাণ্ড সংঘটিক কৰে।

    View this post on Instagram

    A post shared by India’s Youth & Fitness IC⭕️N® (@sahilkhan)

    আত্মহত্যাৰ পূৰ্বে এক আত্মহত্যাৰ টোকাও লিখিছিল মনোজ পাটিলে। যি টোকাৰ পৰাই জানিব পৰা গৈছে মনোজৰ মানসিক অৱস্থাৰ বিষয়ে। নোটত প্ৰতাৰণা আৰু বদনামৰ বিষয়ে উল্লেখ আছে।

    আনহাতে অভিনেতা চাহিল খানৰ ইনষ্টাগ্ৰাম একাউণ্ট চালেও জানিব পৰা যায় যে, অভিনেতাগৰাকীয়ে বেয়াকৈয়ে মনোজ পাটিলৰ পিছত পৰি আছিল আৰু বিভিন্ন মাধ্যমেৰে ঠাত্তা- মস্কৰা কৰি আহিছিল।

    বহুবাৰ কৈছিল মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ হেনো কেৱল মাত্ৰ ষ্টেৰোইড লৈ হে ভাল বডী বনাই লাভ কৰিছে। যাৰ বাবেই মানসিক ভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাছি লৈছিল মনোজে। অৱশ্যে শেষ সময়ত উদ্ধাৰ কৰি হাস্পতালৰ ভৰ্তি কৰাই পৰিয়ালৰ মানুহে।

    আৰু পঢ়ক : গুৰুত্বপূৰ্ণ ঘোষণা! ২৪ ঘন্টাৰ ভিতৰতেই ঘৰুৱা ব্যৱহাৰৰ বাবে ৩০০ ইউনিট বিজুলী বিল বিনামূলীয়া…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং