প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ SPG নিৰাপত্তা ঘূৰাই লোৱা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ে ক’লে যে বৰ্তমান নিৰাপত্তাৰ সমীক্ষা কৰা হৈছে। এই সমীক্ষা নিৰাপত্তা এজেঞ্চীৰ তৰফৰ পৰা কৰা হয়। গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে SPG নিৰাপত্তা আঁতৰোৱাৰ পিছত মনমোহন সিঙক Z+ নিৰাপত্তা প্ৰদান কৰা হ’ব।
গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা আদেশ অনুসৰি, RJD অধ্যক্ষ লালু প্ৰসাদ যাদৱ, BSP সাংসদ সতীশ চন্দ্ৰ মিশ্ৰা, বিজেপিৰ নাতে সংগীত ছোম, বিজেপি সাংসদ ৰাজীৱ প্ৰতাপ ৰুডীৰ নিৰাপত্তা হ্ৰাস কৰা হৈছে।
মোদী চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া SPG নিৰাপত্তা থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ।
কেবিনেট সচিব আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত তিনি মাহজোৰা সমীক্ষা বৈঠকৰ অন্তত মনমোহন সিঙৰ SPG নিৰাপত্তা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Guwahati | Edited by: Dulu Medhi