মঙলদৈত অঘটন, নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন বৃদ্ধৰ

0
3419

মঙলদৈত আজি সংঘটিত হৈছে এক অঘটন। নদীত গা ধুবলৈ গৈ এজন বৃদ্ধৰ মৃত্যু ঘটিছে। এই শোকৱাহ ঘটনাটোক লৈ অঞ্চলটোত এতিয়া শোকৰ ছাঁ পৰিছে।

মঙলদৈৰ নিজ ৰঙামাটিত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা বৃদ্ধ লোকজনক পৰিক্ষিত ডেকা বুলি চিনাক্ত কৰা হৈছে।

নদীৰ দ’ পানীত পৰি সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত মঙলদৈ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্তও আৰম্ভ কৰে।

ইনপুট : কিশোৰ কলিতা