28 C
Guwahati
Monday, September 26, 2022
More

    ‘মোৰ মৃত্যুৰ কাৰণ একমাত্ৰ স্বামী আৰু শহুৰ পৰিয়াল’- বিদেশৰ মাটিত নিজকে শেষ কৰি দিলে ভাৰতীয় মহিলাই, চিচি টিভিত বন্দী স্বামীৰ অকথ্য নিৰ্যাতনৰ দৃশ্য

    ‘মোৰ মৃত্যুৰ কাৰণ একমাত্ৰ স্বামী আৰু শহুৰ পৰিয়াল’-বিদেশৰ মাটিত নিজকে শেষ কৰি দিলে ভাৰতীয় মহিলাই, চিচি টিভিত বন্দী স্বামীৰ অকথ্য নিৰ্যাতনৰ দৃশ্য

    মাক এৰি দিয়া, মাক নামাৰিবা…দুই কনমানিৰ মৰণকাতৰ চিঞৰ। কিন্তু পিতৃয়ে নিৰ্বিচাৰে প্ৰহাৰ কৰি গৈছে মাতৃক। পত্নীয়েও চিঞৰি আছে নামাৰিবলৈ। ঘৰৰ ভিতৰৰ চিচি টিভি কেমেৰাত আবদ্ধ হৈ ৰয় এগৰাকী নিৰ্দয় স্বামীৰ অকথ্য নিৰ্যাতনৰ সকলো দৃশ্য।

    অৱশেষত অত্যাচাৰ সহি সহি সীমা চেৰাই যোৱাত নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে নিউয়ৰ্কত স্বামী আৰু দুই সন্তানৰ সৈতে বাস কৰা উত্তৰ প্ৰদেশৰ মনপ্ৰীত কৌৰে। ফাঁচি লগাই আত্মহত্যা কৰে মনপ্ৰীত কৌৰ নামৰ এগৰাকী মহিলাই।

    সামাজিক মাধ্যমত এক ভিডিঅ আপলোড কৰি নিজৰ মৃত্যুৰ কাৰণ কোন সেই বিষয়ে সদৰি কৰি আত্মহত্যা কৰে। ভিডিঅ টোত মনপ্ৰীতে খোলা খুলিকৈ কয়, মোৰ এই মৃত্যুৰ কাৰণ একমাত্ৰ মোৰ স্বামী আৰু শহুৰ পৰিয়াল।

    মনপ্ৰীতে কোৱা অনুসৰি, বিয়াৰ সময়ত সকলো ঠিকে আছিল। প্ৰথমগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পাছতো সকলো ভালেই চলি আছিল। পাছে দ্বিতীয়বাৰো কন্যা সন্তান জন্মৰ পাছৰে পৰা সলনি হবলৈ ধৰে সকলো। কন্যাৰ সলনি ল’ৰা সন্তান বিচাৰিছিল শহুৰ পৰিয়ালে।

    স্বামীৰ মূৰটো সুমুৱাই দিয়ে ল’ৰা সন্তানৰ কথা। ল’ৰা জন্ম দিব নোৱাৰাটো যেন মনপ্ৰীতৰ হে ভুল। স্বামীয়েও সুৰা পান কৰি আহি মাৰপিট আৰম্ভ কৰিবলৈ ধৰে মনপ্ৰীতৰ লগত। অন্য মহিলাৰ সৈতেও সম্পৰ্ক গঢ়ি তোলে স্বামীয়ে।

    মনপ্ৰীতে ভিডিঅত কোৱা অনুসৰি সকলো দেখি শুনিও সহ্য কৰি গৈছিল একমাত্ৰ দুই কন্যাৰ বাবে। কিন্তু অৱশেষত সহ্যৰ সীমা চেৰাই যোৱাত নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয় আৰু ভগৱানৰ ভৰসাত দুই কন্যাক থৈ যোৱা বুলি উল্লেখ কৰে।

    নিউয়ৰ্কত সংঘটিত হোৱা এই ঘটনাই এতিয়া সকলোফালে তোলপাৰ লগাইছে। লগতে প্ৰমাণ হিচাপে থকা স্বামীৰ মাৰপিটৰ ভিডিঅ দেখি স্বামীক কঠোৰ শাস্তিৰ দাবী তোলে মনপ্ৰীতৰ মাতৃ পৰিয়ালে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং