এইবাৰ উৰুকাৰ বজাৰত উপলব্ধ শিল্পী মানস ৰবীনৰ খেতিপথাৰৰ ৰঙালাও

0
896
এইবাৰ উৰুকাৰ বজাৰত উপলব্ধ শিল্পী মানস ৰবীনৰ খেতিপথাৰৰ ৰঙালাও

এইবাৰ উৰুকাৰ বজাৰত উপলব্ধ শিল্পী মানস ৰবীনৰ খেতিপথাৰৰ ৰঙালাও

এইবাৰ উৰুকাৰ বজাৰত উপলব্ধ হ’ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ খেতিপথাৰৰ ৰঙালাও।

উৰুকাৰ বজাৰত কণ্ঠশিল্পী মানস ৰবীনে প্ৰায় ৩৫০ কুইণ্টল ৰঙালাও বিক্ৰীৰ বাবে উলিয়াই দিছে।

শিৱসাগৰৰ দিচাংমুখত ৰঙালাও, সৰিয়হ, কবিকে ধৰি বিভিন্ন শস্যৰ কৃষিকৰ্মৰে কৃষি বিপ্লৱৰ সূচনা কৰা কণ্ঠশিল্পী মানস ৰবীনে সংগীতৰ সমানে সমানে নিজকে কৃষিকৰ্মত ব্যস্ত কৰি ৰাখিছে।

শিল্পী গৰাকীয়ে এইবাৰ খেতি ভাল হৈছে বুলি উল্লেখ কৰি সৰিয়হৰ মৰণা মৰা বুলিও লগতে কয়।

ইপিনে, খেতি ভাল হোৱাৰ লগতে দুই এখন অনুষ্ঠানো আৰম্ভ হৈছিল যদিও এতিয়া পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত কিছু সমস্যাই দেখা দিছে বুলিও শিল্পী গৰাকীয়ে নিজৰ মত ব্যক্ত কৰে।

কণ্ঠশিল্পী গৰাকীয়ে অসমৰ জনসাধাৰণক ক’ভিড পৰিস্থিতিৰ মাজত সাৱধানেৰে মাঘ বিহু পালন কৰাৰ বাবে আহ্বান জনাই সকলোৰে মংগল কামান কামনা কৰে।

আৰু পঢ়ক : অৰ্জুন-মালাইকাৰ সম্পৰ্কত ফাঁট!, ইষ্টাগ্ৰামত কি ফটো শ্বেয়াৰ অভিনেতা গৰাকীৰ