বন্দুক দেখুৱাই ৬জনীয়া ডকাইতৰ দলে বেংকৰ পৰা লুটিলে ১৬ কেজি সোণ আৰু লাখ-লাখ টকা

0
409
প্ৰতিনিধিত্বমূলক চিত্ৰ

মধ্যপ্ৰদেশৰ কাটনীৰ ৰংনাথ থানা এলেকাৰ বৰগৱাস্থিত মনাপ্পুৰম গ’ল্ড লোন কাৰ্যালয়ত দিন দুপৰতে ৬জনকৈ অস্ত্ৰধাৰী ডকাইতৰ দলে বন্দুক দেখুৱাই বেংকত ৰখা ১৬ কিলোগ্ৰাম সোণ আৰু ৩.৫ লাখৰো অধিক নগদ ধন লুটি লৈ যায়।

লুটপাত চলোৱাৰ পূৰ্বে মাস্ক আৰু হেলমেট পিন্ধি অহা ডকাইতৰ দলটোৱে বেংকৰ কৰ্মীক তীব্ৰ প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

ডকাইতি কাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পিছত শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ এটা বৃহত দল ঘটনাস্থলত উপস্থিত তদন্ত আৰম্ভ কৰে।

ইয়াৰ উপৰি ডকাইতৰ দলটোক চিনাক্ত তথা কৰায়ত্ত কৰাৰ বাবে স্নিফাৰ ডগ ব্যৱহাৰ কৰাৰ লগতে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰাৰ কামতো ব্যস্ত হৈ পৰিছে।

ঘটনা সন্দৰ্ভত জানিবলৈ দি মনাপ্পুৰম গ’ল্ড লোনৰ চেলছ মেনেজাৰ ৰোহিত কোষ্টীয়ে কয় যে পুৱা প্ৰায় ১০:৩০ বজাত ডকাইথৰ দলটোৱে বেংকত প্ৰৱেশ কৰে আৰু বন্দুক দেখুৱাই কৰ্মচাৰীসকলক মাৰধৰ কৰে।

ইয়াৰ পিছতে বেংকত ৰখা ১৬ কেজি সোণ আৰু নগদ ধন লৈ পলায়ন কৰে আৰু পলায়নৰ সময়ত শাখা পৰিচালকৰ গাড়ীখনো লৈ যায় ডকাইতৰ দলটোৱে।