ভাৰতৰ হিজাব বিতৰ্কত সোমাল বিশ্বকাপ বিজয়ী ফুটবলাৰ পল পগবা

0
155
ভাৰতৰ হিজাব বিতৰ্কত সোমাল বিশ্বকাপ বিজয়ী ফুটবলাৰ পল পগবা

কৰ্ণাটকৰ হিজাব বিতৰ্কই দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ এই বিতৰ্কত সোমাই পৰিছে মানচেষ্টাৰ ইউনাইটেড ক্লাবৰ ফুটবলাৰ পল পগবা।

ফুটবলাৰগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা ৰীল শ্বেয়াৰ কৰি লিখিছে, ‘ভাৰতৰ মহাবিদ্যালয়ত হিজাব পৰিধান কৰা মুছলমান ছোৱালীক হাৰাসাস্তি কৰি আছে হিন্দুত্ব জনতাই’।

ফ্ৰান্সৰ ফুটবলাৰগৰাকীয়ে শ্বেয়াৰ কৰা ৫৮ ছেকেণ্ডৰ ভিডিঅ’টোত এফালে হিজাব পৰিধান কৰা ছোৱালী আৰু আনফালে গেৰুৱা বস্ত্ৰ পৰিধান কৰা একাংশ লোকে শ্লোগান দি থকা দেখা যায়।

উল্লেখ্য যে, এই ধৰণৰ বিতৰ্কত অংশ লোৱা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও পগবাই ২০২০ চনৰ কাৰ্টুন বিবাদ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ পিছত চৰ্চাত আছিল।

ইয়াৰ পিছতে তেওঁ ২০২০ চনৰ অক্টোবৰত ৰাষ্ট্ৰীয় দল এৰাৰ ঘোষণাও কৰিছিল। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুৱেল মেক্ৰোৱে ‘ইছলামবাদী সন্ত্ৰাসবাদী’ বুলি কৰা মন্তব্যৰ পিছতে পগবাই এই সিদ্ধান্ত লৈছিল।

অলপতে কৰ্ণাটক চৰকাৰে ৰাজ্যখনত শিক্ষা আইন ১৯৮৩ ৰ ধাৰা ১৩৩ প্ৰযোজ্য কৰিছিল। যাৰ ফলত সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষাৰ্থীসকলে ইউনিফৰ্ম পৰিধান কৰি যোৱাটো বাধ্যতামূলক হৈছিল।

ইয়াৰ পিছৰে পৰা অৰ্থাত জানুৱাৰি মাহৰ পৰা ৰাজ্যখনত হিজাবক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটে আৰু ৮ ফেব্ৰুৱাৰিৰ পৰা ই চূড়ান্ত ৰূপ ধাৰণ কৰে।      

আৰু পঢ়ক : লুকাই থকা পাকিস্তানী মাছমৰীয়াৰ সন্ধানত বিএছএফৰ অভিযান, ১১ খন নাও জব্দ