উচ্চতম ন্যায়ালয়ৰ বাহিৰত নিজকে জ্বলাই দিলে এজন লোকে…

0
376
উচ্চতম ন্যায়ালয়ৰ বাহিৰত নিজকে জ্বলাই দিলে এজন লোকে...

শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উচ্চতম ন্যায়ালয়ৰ ১ নং গেটৰ বাহিৰত এজন ব্যক্তিয়ে নিজকে জুই লগাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই তথ্য আৰক্ষীয়ে দিয়ে।

আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁক নয়ডাৰ নিবাসী ৰাজভৰ গুপ্তা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে কয় যে জুইৰ ফলত তেওঁ জ্বলি গৈছিল আৰু তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লোকজনে কি কাৰণত নিজকে জুই লগাই দিয়ে সেয়া অনুসন্ধান কৰি আছে আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা বছৰৰ আগষ্ট মাহতো বালিয়া জিলাৰ এগৰাকী যুৱতী আৰু তেওঁৰ সঙ্গীয়ে উচ্চতম ন্যায়ালয়ৰ বাহিৰত জুই লগাইছিল। পিছত চিকিৎসাৰ সময়ত দুয়োজনৰ মৃত্যু হৈছিল।

ভুক্তভোগীগৰাকীয়ে বি এছ পি সাংসদ অতুল ৰায়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

আত্মহত্যাৰ পূৰ্বে সামাজিক মাধ্যমত দুয়োজনে শ্বেয়াৰ কৰিছিল তেওঁলোকৰ বেদনা।

বালিয়া জিলাৰ ভুক্তভোগীগৰাকী বাৰাণসীৰ ইউপি মহাবিদ্যালয়ৰ ছাত্ৰী আছিল আৰু ২০১৯ চনৰ মে’ মাহত লংকা আৰক্ষী থানাত অতুল ৰায়ৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল।

আৰু পঢ়ক : কেঞ্চাৰেৰে যুঁজ দি আছে এইগৰাকী অভিনেত্ৰীয়ে, অদম্য সাহসেৰে জীৱন যুদ্ধ কৰি গৈছে