সাঁতুৰি সাঁতুৰি পৱিত্ৰ মক্কালৈ যোৱাৰ হেঁপাহ, পিছে পালেগৈ…

0
21119
সাঁতুৰি সাঁতুৰি পৱিত্ৰ মক্কালৈ যোৱাৰ হেঁপাহ, পিছে পালেগৈ...

সাঁতুৰি সাঁতুৰি পৱিত্ৰ মক্কালৈ যোৱাৰ হেঁপাহ, পিছে পালেগৈ…

কিছুমান‌ বাতৰিয়ে আচৰিত কৰি তোলে সকলোকে। তদুপৰি কিছুমান মানুহৰ লক্ষ্য বহু বেলেগ।

এক লক্ষ্য আগত ৰাখিয়েই ৰঙা ঘৰৰ আলহী হ’বলগীয়া হ’ল এজন‌ যুৱক। এই ঘটনা মালয়েছিয়াৰ।

মালেছিয়াৰ পৰা মক্কালৈ প্ৰায় ৭,০০০ কিলো মিটাৰ সাতুৰিব চেষ্টা কৰিয়েই গ্ৰেপ্তাৰ হ’ল ২৮ বছৰীয়া যুৱক। উল্লেখ্য যে যুৱকজনে সাতুৰি সাতুৰি মক্কালৈ যাব বিছাৰিছিল আৰু তাৰপিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰে।

উল্লেখ্য যে ৩ সপ্তাহত যুৱকজনে দ্বিতীয় বাৰৰ বাবে এই প্ৰয়াস কৰে।‌‌এই ভিডিঅ’ ফটো ইতিমধ্যে চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈ পৰিছে। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই চাউদী আৰৱত থকা পৱিত্ৰ মক্কালৈ তেওঁ কিয় এনেদৰে যাব বিছাৰিছিল।

আৰক্ষীয়ে জনোৱা মতে তেওঁৰ মানসিক স্বাস্থ্য ঠিক নহয়। চিকিৎসকৰ ওচৰত নিয়াৰ পিছতেই এই ঘটনা পোহৰলৈ আহিছে।

আৰু পঢ়ক : সোণৰ মূল্যত পতন, ভাৰতীয় বজাৰত এমাহৰ ভিতৰত সৰ্বনিম্ন সোণৰ মূল্য