24 C
Guwahati
Tuesday, September 27, 2022
More

    ক’লা ৰঙৰ জোতা পিন্ধিলেই আক্ৰমণ কৰে এইটো জীৱই ! ভয়তে কোনেও নিপিন্ধে ক’লা জোতা

    ক’লা ৰঙৰ জোতা পিন্ধিলেই আক্ৰমণ কৰে এইটো জীৱই ! ভয়তে কোনেও নিপিন্ধে ক’লা জোতা

    ইংলেণ্ডৰ কেমব্ৰিজশ্বায়াৰ চহৰৰ পৰা এটা বাতৰি ওলাইছে, যিয়ে কৈছে যে মানুহৰ বাহিৰেও, পৃথিৱীত আন কিছুমান প্ৰাণী আছে যিয়ে ৰঙৰ বিষয়ে তেওঁলোকৰ পছন্দ আৰু অপছন্দ প্ৰকাশ কৰি থাকে।

    কেমব্ৰিজ চহৰত টমি চেলবি নামৰ এটা মৰমলগা কাছ আছে। এই কাছটোৱে ক’লা জোতা পিন্ধা প্ৰতিজন মানুহক আক্ৰমণ কৰে।

    এই কাছটোৰ ওচৰে পাজৰে যদি কোনোৱে ক’লা জোতা পিন্ধে তেনেহলে এই কাছটোৱে নিজৰ মূৰেৰে তেওঁৰ ভৰিত জোৰেৰে আক্ৰমণ কৰে।

    এই টমি নামৰ কাছটোৰ বয়স ১৫ বছৰ। এই প্ৰজাতিৰ কাছই ২০০ ত কৈ অধিক বছৰ জীয়াই থাকে। টমি নামৰ কাছটো যাৰ ঘৰত থাকে সেই পৰিয়ালৰ এগৰাকী মহিলাই কয় যে তেওঁলোকে আজি-কালি ক’লা জোতা পিন্ধিবলৈ এৰি দিছে।

    যদি তেওঁলোকে ক’লা জোতা পিন্ধে তেতিয়া টমিয়ে তেওঁলোকক খুব জোৰেৰে ভৰিত খুন্দিয়াই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং