আম্বালাত নাবালিকাক ধৰ্ষণৰ অভিযোগত ধর্ষৰণকাৰীক দিলে ২০ বছৰৰ কাৰাদণ্ড

0
419

আম্বালাত নাবালিকাক ধৰ্ষণৰ অভিযোগত ধর্ষৰণকাৰীক দিলে ২০ বছৰৰ কাৰাদণ্ড

হাৰিয়ানাৰ আম্বালা জিলাৰ আদালতে ২০১৯ চনত এগৰাকী নাবালিকাক ধৰ্ষণৰ সন্দৰ্ভত এজন ব্যক্তিক ২০ বছৰৰ কাৰাবন্দীৰ শাস্তি ঘোষণা কৰিছে।

নাবালিকা গৰাকীৰ পিতৃয়ে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক দিয়া তথ্য অনুসৰি তেওঁৰ কন্যাক ধৰ্ষণ কৰা ব্যক্তিজনৰ নাম চাৰফাৰাজ।

চাৰফাৰাজে তেওঁৰে খেতিত কাম কৰিছিল। ২০১৯ চনৰ ২১ জানুৱাৰীৰ দিনা তেঁওৰ ছোৱালী জনী নিৰুদ্দেশ হৈছিল আৰু সেই দিনাই চাৰফাৰাজেও তেওঁক নোকোৱাকৈ খেতিৰ পৰাই নোহোৱা হৈছিল।

সেই কাৰণে তেওঁ জীয়ৰীক অপহৰণ কাণ্ডৰ লগত চাৰফাৰাজ জড়িত আছিল বুলি সন্দেহ কৰিছিল।

আৰক্ষীয়ে ২০১৯ চনৰ পৰা তদন্ত কৰি অৱশেষত কিছু মাহ আগতে চাৰফাৰাজক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ভুক্তভোগী কিশোৰী গৰাকীৰ মন্তব্য সংগ্ৰহ কৰা তেওঁ কয় যে চাৰফাৰাজে তেওঁক প্ৰথমে তাৰ গাঁৱৰ ঘৰলৈ লৈ গৈছিল।

তাৰ পৰা চাৰফাৰাজে তাৰ দিল্লীত থকা বায়েকৰ ঘৰলৈ কিশোৰী গৰাকীক লৈ যায়।

এই সময় খিনি চাৰফাৰাজে তেওঁক বাৰে বাৰে ধৰ্ষণ কৰিছিল।

কিশোৰী গৰাকীয়ে তাৰ পৰা পলাবলৈ চেষ্টা কৰাত ইয়াৰ পৰিমাণ বেয়া হ’ব বুলিও তাইক ধমকি দিছিল।

কিশোৰী গৰাকীক চিকিৎসাৰ কৰা হয়। আনহাতে চাৰফাৰাজক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।