কামপুৰত জঘন্য ঘটনা ! এগৰাকী বিধৱা মহিলাক ধৰ্ষণ যুৱকৰ

0
4448

কামপুৰত জঘন্য ঘটনা ! এগৰাকী বিধৱা মহিলাক ধৰ্ষণ যুৱকৰ

কামপুৰৰ ৰজাগাঁৱত এক জঘন্য ঘটনা সংঘটিত হৈছে। এজন যুৱকৰ বিৰুদ্ধে এগৰাকী বিধৱা মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকজনৰ নাম পিণ্টু বিশ্বাস।

জানিব পৰা মতে ৰজাগাঁৱৰ এজন লোকৰ ঘৰত বনকৰা কামত নিয়োজিত আছিল ভুক্তভোগী মহিলাগৰাকী। দিনটোৰ কাম শেষ কৰি নিজৰ ঘৰলৈ উভতাৰ সময়তে যুৱক জনে মহিলা গৰাকীৰ ঘৰত থৈ আহিম বুলি তেওঁৰ বাইকত বহিবলৈ কয়।

অলপ দুৰ অহাৰ পিছত যুৱক জনে অন্য এটা পথেৰে বাইক খন নি পথৰ কাষৰ জংঘলত এই দুষ্কাৰ্য সংঘটিত কৰে।তাৰ পিছত পিণ্টু বিশ্বাসে মহিলা গৰাকীয়ে কাৰোবাক এই কথা জনালে প্ৰাণে মৰাৰো ভাবুকি দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰিছে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে পিণ্টু বিশ্বাসক আটক কৰিছে।