‘মা-দেউতাই বিদ্যালয় এৰুৱাই দিব বুলিয়ে কোৱা নাছিলো’, বিদ্যালয়ত বাৰে বাৰে যৌন নিৰ্যাতনৰ বলি হৈয়ো মনে মনে আছিল নাবালিকা

0
6814

‘মা-দেউতাই বিদ্যালয় এৰুৱাই দিব বুলিয়ে কোৱা নাছিলো’, বিদ্যালয়ত বাৰে বাৰে যৌন নিৰ্যাতনৰ বলি হৈয়ো মনে মনে আছিল নাবালিকা।

শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ ভয়তেই এগৰাকী নাবালিকাই বহু কষ্ট সহ্য কৰিয়ো কাৰো আগত প্ৰকাশ কৰা নাছিল বিদ্যালয়ত বাৰে বাৰে নিৰ্যাতন হোৱাৰ কথা। শিক্ষাত যাতে একোৱে হেঙাৰ হব নোৱাৰে তাৰ বাবে মনে মনে থকাটোৱেই শ্ৰেয় বুলি মনে মনে থাকে।

আনহাতে বিদ্যালয়ত নাবালিকাৰ ওপৰত নিৰ্যাতনৰ মাত্ৰা বাঢ়ি গৈ থাকে। আৰম্ভণিতে নিৰ্যাতন শেষত ধৰ্ষণ কৰে নাবালিকাক লৈ গৈ। ধৰ্ষণৰ পাছতহে পিতৃ-মাতৃৰ আগত কান্দি কান্দি সদৰি কৰে সকলো।

এই ঘটনা মধ্যপ্ৰদেশৰ এক ভিতৰুৱা অঞ্চলৰ। ঘটনাৰ বিষয়ে সদৰি হোৱাৰ পাছতহে জানিব পাৰে শিক্ষাগ্ৰহনৰ পৰা হাত এৰিব লাগিব বুলিয়ে নিৰৱে সহি যায় সকলো। আৰক্ষীয়েও কনমানিৰ ঘটনাৰ বিষয়ে জানিব পাৰি শোক প্ৰকাশ কৰে।

ঘটনাৰ বিষয়ে সদৰি হোৱাৰ পাছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। লগতে তদন্ত আৰম্ভ কৰিছে। কনমানিয়ে সদৰি কৰা অনুসৰি, বিদ্যালয়ৰে কোনো যুৱকে নাবালিকাৰ সৈতে এই কাম কৰিছে।

আৰক্ষীয়ে বৰ্তমানে কেইবাটাও গোচৰৰ ভিত্তিত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। যদিও গ্ৰেপ্তাৰ কৰিব পৰা নাই। নাবালিকা আৰক্ষীৰ কাষ চপা বুলি জানিয়ে পলায়ন কৰে যুৱকে।