বাস্তৱৰ বাহুবলী ! বাছ আস্থানত মূৰত গধুৰ মটৰচাইকেল লৈ ফুৰা এজন ব্যক্তি, ভাইৰেল ভিডিঅ’

0
861

বাস্তৱৰ বাহুবলী ! বাছ আস্থানত মূৰত গধুৰ মটৰচাইকেল লৈ ফুৰা এজন ব্যক্তি, ভাইৰেল ভিডিঅ’

শেহতীয়াকৈ সামাজিক মাধ্যমৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এজন ব্যক্তিয়ে তেওঁৰ মূৰত এখন গধুৰ মটৰচাইকেল লৈ বাছখনৰ ফালে খোজ কাঢ়ি গৈ আছে।

তাৰ পিছত তেওঁক বাছখনৰ কাষতে থকা এডাল সৰু জখলাত উঠি দুচকীয়া বাহনখন বাছখনৰ ওপৰত উঠাই দিছে।মূৰত গধুৰ বাহনখনৰ ভাৰসাম্য ৰাখি মানুহজনে সতৰ্কতাৰে এটা এটাকৈ চিৰি বগাই ওপৰলৈ উঠি গৈছিল।আৰু তেওঁ সফলতাৰে বাছখনৰ ওপৰত মটৰচাইকেল খন উঠাই দিছে।

ভিডিঅ’টো দেখি সকলো লোকেই আচৰিত হৈছে। ভিডিঅ’টো চোৱাৰ পিছত বহু লোকে তেওঁৰ বাহুবলী আখ্যা দিছে। ক্লিপটো শুক্ৰবাৰে টুইটাৰত ‘গুলজাৰ চাব’ নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল ।