লাও বাবাৰ পিছত এইবাৰ শিকলি বাবাৰ অভির্বাৱ, পিছে দিন একেবাৰে বেয়া, হাতে লোটে পৰি গ’ল ধৰা

0
439
লাও বাবাৰ পিছত এইবাৰ শিকলি বাবাৰ অভির্বাৱ, পিছে দিন একেবাৰে বেয়া, হাতে লোটে পৰি গ'ল ধৰা

লাও বাবাৰ পিছত এইবাৰ শিকলি বাবাৰ অভির্বাৱ। পিছে দিন একেবাৰে বেয়া, হাতে লোটে পৰি গ’ল ধৰা। কৌশলেৰে টকা লুটি থকাৰ সময়তে আৰক্ষীয়ে ধৰি বান্ধি লৈ যায়।

এইবাৰৰ শিকলি বাবাৰ কৌশল অনন্য। একে ঠাইতে নবহে। ডিঙিত শিকলি ওলোমাই ৰখা এইজন বাবাই চিধাই হোম চার্ভিছ দিয়ে। শদিয়াৰ পৰা ধুবুৰীলৈ এইগৰাকী ভণ্ড বাবাই ৰাইজৰ পৰা বিভিন্ন ৰোগ নিৰাময় কৰি দিয়াৰ নামত চলাই গৈছিল লুণ্ঠনৰাজ।

আজি ভণ্ড শিকলি বাবাৰ দিন বেয়া! মহিলাক লুটিবলৈ আহি হাতে লুটে ৰাইজৰ হাতত ধৰা পৰিল ভণ্ডশিকলি বাবাৰ ভেশত জাইদুল আলম।

এইজন ভণ্ড বাবাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলা সকলৰ পৰা সৰকাইছিল বহু টকা। পিচে বাবা আহিল এইবাৰ হোজাইৰ মোৰাঝাৰলৈ। এঘৰত চার্ভিছ দিবলৈ সোমাই লাগিল কেনা। দুই হাজাৰ টকা ললে ঠিক, পিচে আজি আৰু ঘূৰি যাবলৈ সুযোগ নাপালে বাবাই।

কিয়নো পূর্বেও অন্য এজনৰ পৰা লুটি লৈ গৈছিল ২৫ হাজাৰ টকা । লগে লগে ভণ্ড বাবাক আবদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিলে স্থানীয় ৰাইজে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে ভণ্ড শিকলি বাবা জাইদুল আলমক। আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি ভণ্ড বাবাৰঘৰ বৰাকৰ কাটিগঢ়াৰ আমতলাত।

আৰু পঢ়ক : সংবাদকৰ্মীৰ স্থান মাটিত! সংবাদকৰ্মীক চৰম অপমান কৃষিমন্ত্ৰী অতুল বৰাৰ অনুষ্ঠানত