
অতিকে কৰুণ। বিদ্যালয়ৰ পৰা ঘৰলৈ নিবলৈ আহিছিল কন্যাক, পাছে চলন্ত ৰে’লে মহতিয়াই থৈ গ’ল পিতৃক। বিদ্যালয়তে বহু সময় ধৰি পিতৃলৈ ৰৈ থাকিল কনমানি।
ৰাজ্যত সংঘটিত আন এক ভয়ংকৰ ঘটনা। এই অতিকে শোকাবহ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। আজি ১৩ অক্টোবৰ বৃহস্পতিবাৰে এখন তীব্ৰবেগী ৰে’লৰ খুন্দাত ঠিতাতে নিহত হয় সঞ্জিত গগৈ নামৰ লোকএগৰাকী।
সূত্ৰ অনুসৰি ব্যক্তিজনে বৃহস্পতিবাৰে বিয়লি কন্যাক বিদ্যালয়ৰ পৰা ঘৰলৈ নিবলৈ আহিছিল, কিন্তু নিয়তিয়ে যেন শেষ বাৰৰ বাবে হলেওঁ লগ কৰাৰ সুযোগ খিনিও নিদিলে।
উল্লেখযোগ্য যে ৰে’লপথ পাৰ হৈ থকাৰ সময়তে সংঘটিত হৈছে এই দুৰ্ভাগ্যকৰ ঘটনাটো। কিন্তু কাৰ ভুলৰ পৰিনতিত এনে ঘটনা সংঘটিত হব পালে এতিয়াও সন্দেহৰ আৰ্বতত।
ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰে।