25 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অঘটন, মথাউৰিৰ কাম কৰি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত নিখোজ প্ৰদীপ

    অঘটন, মথাউৰিৰ কাম কৰি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত নিখোজ প্ৰদীপ। নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত এই অঘটনসংঘটিত হৈছে। মথাউৰিৰ কামত নিয়োজিত শ্ৰমিক ব্ৰহ্মপুত্ৰত সন্ধানহীন।

    মথাউৰিত কাম কৰি থকা অৱস্থাতে নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি যায় শ্ৰমিকজন। জিঅ বেগত মাটি ভৰাবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হয় যুৱকজন।

    যুৱকজন মাজুলীৰ শালমৰাৰ প্ৰদীপ হাজৰিকা বুলি জানিব পৰা গৈছে। পানীত পৰাৰ লগে লগে যুৱকজৱৰ সন্ধানত নামি পৰে স্থানীয় ৰাইজ। কিন্তু কোনো সন্ধান ওলোৱা নাই এই পৰ্যন্ত। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

    Input and Photo – Bitopan Phukan

    আৰু পঢ়ক : ক’ভিড সংক্ৰমণ ২ শতাংশৰ তললৈ আহিলেহে অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং