সন্তান প্ৰসৱৰ বাবে পত্নীক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছৰে পৰা সন্ধানহীন স্বামী

0
403

সন্তান প্ৰসৱৰ বাবে পত্নীক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছৰে পৰা সন্ধানহীন স্বামী। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা সন্ধীনহীন লোকগৰাকী।

জি এম চি এইচৰ পৰাই নিৰুদ্দেশ হ’ল ভাৰত ভূটান সীমান্তৰ মেনকা চাহ বাগানৰ এগৰাকী লোক। গৰ্ভৱতী পত্নীক চিকিৎসা কৰিবলৈ আনি নিজেই নোহোৱা হৈ থাকিল লোকজন।

চলিত মাহৰে বিগত ১৬ আগষ্টত পত্নীৰ প্ৰসৱৰ বাবে লোক গৰাকীয়ে পত্নীক লগত লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল।

লেকগৰাকীৰ নাম ইলিয়াছ তান্দিয়া। মেনকা চাহ বাগানৰ ইলিয়াছ তান্দিয়াই ঘৈনীয়েকৰ সন্তান প্ৰসৱৰ কাৰণে গুৱাহাটীৰ জি এম চি এইচ ভৰ্তি কৰোৱাইছিল।

পাছে পত্নী হাস্পতালত থকাৰ সময়তে ১৮ আগষ্টৰ নিশা প্ৰায় ৯ মান বজাৰ পৰা নিৰুদ্দেশ হৈ পৰে লোকগৰাকী। পাছত মবাইল ফোন বন্ধ থকাত ঘৰৰ পৰা লোক গৈ লোকজনক বিচাৰ খোচাৰ কৰে।

কিন্তু কতো কোনোধৰণৰ খবৰ লাভ নকৰাত ভঙাগড় আৰক্ষী থানাত ঘটনা সন্দৰ্ভে অবগত কৰি এখন এজাহাৰ দাখিল কৰে।

কোনো সদাশয় লোকে লোকজনৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 7086461227 অথবা 703697936 ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

Input and Photo – Abhijit Das