আলফালৈ যোৱাৰ সন্দেহ ! স্বামী অভিজিতক ঘৰলৈ ঘুৰি অহাৰ বাবে কান্দি কান্দি আহ্বান ৭ মহীয়া অন্তঃসত্বা পত্নীৰ
উজনি অসমৰ কিছুসংখ্যক যুৱক এতিয়াও আলফা স্বাধীনত যোগদানৰ প্ৰতি আগ্ৰহী হৈ সংগঠনটোত যোগদান খবৰ প্ৰকাশ হৈ থকাৰ সময়ত কৰ্দৈগুৰিৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত বৰগড়া গাঁৱৰ ৰমেশ বড়া আৰু ৰিনা বড়াৰ জ্যেষ্ঠ পুত্ৰ অভিজিত বড়াই আলফাত যোগদান কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।
উৰুকাৰ নিশাৰ পৰাই বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি অহা নাই অভিজিত বড়া ওৰফে গোপাল বড়া।
গোপাল বড়াই কৰ্দৈগুৰিৰ পৰা ডুমডুমা সংযোগী পথত নিজৰ চুমু গাড়ীৰে যাত্ৰী অনা নিয়া কৰিছিল।
আৰ্থিকভাৱে স্বচ্ছল অভিজিত বড়াই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নিজৰ ৭ মহীয়া অন্তঃসত্বা পত্নীকো এৰি থৈ যায়।
ইপিনে, অভিজিত বড়াই ঘৰ এৰি যোৱাৰ পাছতে স্বামীক কুশলৈ ঘৰলৈ ঘুৰি অহাৰ বাবে কাতৰ আহ্বান জনাইছে পত্নীয়ে।
অভিজিত বড়াৰ পত্নীয়ে কান্দি কান্দি তামোল-পানেৰে সাষ্টাংগে প্ৰণিপাত জনাই স্বামীক যোৱা বাটে পুনৰ ঘৰলৈ উভতি অহাৰ বাবে আকূল আহ্বান জনায়।
ইনপুট- জয়ন্ত মৰাণ
আৰু পঢ়ক : মাত্ৰ ৭ দিনৰহে ছুটী লাভ কৰিব ক’ভিড আক্ৰান্ত কৰ্মচাৰীয়ে, সংবাদমেলত ক’লে মুখ্য মন্ত্ৰীয়ে