14.5 C
Guwahati
Thursday, January 27, 2022
More

    পাষাণ পুত্ৰই ২০ দিন ধৰি ঘৰত তলা লগাই আৱদ্ধ কৰি ৰাখিলে বৃদ্ধা মাতৃক, ভোক-পিয়াহত মৃত্যু

    পাষাণ পুত্ৰই ২০ দিন ধৰি ঘৰত তলা লগাই আৱদ্ধ কৰি ৰাখিলে বৃদ্ধা মাতৃক, ভোক-পিয়াহত মৃত্যু

    পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰি নিজৰ সন্তানক তুলি-তালি ডাঙৰ দীঘল কৰে। কিন্তু আজিৰ দিনক একাংশ সন্তানে এয়া বুজি নাপায় আৰু পিতৃ-মাতৃৰ ওপৰত নিৰ্যাতন চলাই।

    ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ পীলীভীতৰ পৰা এক শোকাবহ ঘটনা পোহৰলৈ আহিছে।ঘটনাৰ বিৱৰণী অনুসৰি নিজ মাতৃক পাষাণ পুত্ৰই এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখে।প্ৰায় ২০ দিন ধৰি এনেদৰে থকাৰ পিছত ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক হস্পাতালত ভৰ্তি কৰাই যদিও আজি মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে।

    উল্লেখ্য যে, প্ৰায় ২০ দিন পূৰ্বে মহিলা গৰাকীৰ পুত্ৰ পংকজে তেওঁক এটি ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখে।পংকজে মাতৃক বাহিৰৰ পৰা তলা লগাই ঘৰৰ পৰা ওলাই যায়।

    এই সময়চোৱাত বৃদ্ধা মহিলা গৰাকীয়ে কেইবাদিনো ভোকে পিয়াহে থাকে। এই সময়চোৱাত বৃদ্ধা মহিলা গৰাকীয়ে খিৰীকীৰে ওচৰ চুবুৰীয়াক পৰা খাদ্য খুজি খাই। কিন্তু কেইবাদিনো এনেদৰে থকাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

    ওচৰ-চুবুৰীয়াই জনোৱা অনুসৰি বিগত ৪ দিন ধৰি মহিলা গৰাকীয়ে ওচৰ-চুবুৰীক কোনো মাত লগোৱা নাছিল আৰু একো খোৱা নাছিল ।তাৰপিছতেই আৰক্ষীক খবৰ দিয়ে ওচৰ-চুবুৰীয়াৰ লোকে।

    আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক হস্পাতালত ভৰ্তি কৰাই যদিও অধিক দুৰ্বলতাৰ বাবে মৃত্যু হয়। মহিলা গৰাকীৰ মৃত্যুৰ পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু পুত্ৰক বিচাৰি অভিযান আৰম্ভ কৰিছে।

    আৰু পঢ়ক : কান্দোনত ভাগি পৰিছে দুই খেতিয়ক, নিশা দুৰ্বৃত্তই কাটি তহিলং কৰিলে প্ৰায় ৩ লাখ টকাৰ বিলাহী খেতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং