24 C
Guwahati
Friday, December 3, 2021
More

    ২০১১ চনত পত্নীৰ ডিঙি কাটি ছিন্ন মুণ্ড লৈ থানাত উপস্থিত হোৱা ৰঞ্জিত দাসক অৱশেষত শাস্তি

    ২০১১ চনত পত্নীৰ ডিঙি কাটি ছিন্ন মুণ্ড লৈ থানাত উপস্থিত হোৱা ৰঞ্জিত দাসক অৱশেষত শাস্তি

    ২০১১ চনত পত্নীৰ ডিঙি কাটি ছিন্ন মুণ্ড লৈ থানাত উপস্থিত হোৱা ৰঞ্জিত দাসক অৱশেষত শাস্তি। ২০১১ চনত ৰাজ্যজুৰি তোলপাৰ লগোৱা সেই হত্যাকাণ্ডৰ হত্যাকাৰী স্বামীয়ে অৱশেষত পালে শাস্তি।

    পত্নীক ডিঙি কাটি হত্যা কৰা ৰঞ্জিত দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ন্যায়ালয়ে। কামৰূপ মহানগৰ সত্ৰ আদালতৰ এই ৰায়। আজি ২০২১ চনৰ ৭ অক্টোবৰ তাৰিখে ৰায়দান কৰি ন্যায়ালয়ে।

    আজিৰ পৰা ১০ বছৰ পূৰ্বে অক্টোবৰ মাহতেই সংঘটিত হোৱা সেই নিৰ্মম হত্যাকাণ্ডত স্বামী ৰঞ্জিত দাসে পত্নীৰ ডিঙি কাটি ছিন্ন মুণ্ড হাতত লৈ দিছপুৰ থানাত আত্মসমৰ্পন কৰিছিল।

    ৰাজ্য়জুৰি খলকনি তুলিছিল সেই হত্যাকাণ্ডই। সকলো সংবাদ মাধ্যৰে শীৰ্ষ সংবাদত পৰিণত হৈছিল সেই হত্যাকাণ্ড। পত্নীৰ ছিন্ন মুণ্ডৰ তেজেৰ ৰাজপথ ৰাঙলী কৰি এহাতে ছিন্ন মুণ্ড আনহাতত দা লৈ থানাত হাজিৰ হৈছিল হত্যাকাৰী স্বামী।

    কিন্তু তাৰ থিক এটা বছৰৰ পিছতে আকৌ ২০১২ চনৰ অক্টোবৰ মাহত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছিল হত্য়াকাৰী স্বামী।

    গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছিল সেই হত্য়াকাণ্ড। সেই হত্যাকাণ্ড সংঘটিত হোৱা দিনটো আছিল ২০১১ চনৰ অক্টোবৰ মাহৰ দূৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা।

    আৰু পঢ়ক : খেলৰ অন্তত দীপক চাহৰে দিলে প্ৰেমৰ প্ৰস্তাৱ, কোন এই সুন্দৰী যুৱতী!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং