
জঘন্য ঘটনা ! প্ৰথমে সামান্য কথাতে বাক-বিতণ্ডা , পিছত পুত্ৰই হত্যা কৰিলে মাতৃক
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰত এক জঘন্য ঘটনা সংঘটিত হৈছে। তীব্ৰ তৰ্ক-বিতৰ্কৰ পিছত এজন ২৬ বছৰীয়া যুৱকে তেওঁৰ মাতৃক ডিঙি চেপি হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে,ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল।
৪৪ বছৰীয়া বৈশালী ধনু বিৰাৰৰ ফুলপাৰা অঞ্চলৰ গান্ধী নগৰ কলনীত তেওঁৰ পুত্ৰৰ সৈতে বাস কৰিছিল। কিছুদিন পূৰ্বে মাক আৰু পুত্ৰৰ মাজত এখন বিয়াৰ অনুষ্ঠানত কিবা কথাক লৈ তীব্ৰ তৰ্ক হৈছিল। বৃহস্পতিবাৰে নিশা পুনৰ কোনো কথাক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়।
কাজিয়াৰ ফলত পুত্ৰৰ ইমানেই খং উঠে যে এখন কাপোৰ লৈ মাতৃৰ ডিঙিত চেপি ধৰিছিল।কিছু সময়ৰ পিছত যেতিয়া মহিলাগৰাকীৰ মাতৃ তেওঁলোকৰ ঘৰত উপস্থিত হৈছিল তেওঁ দেখিলে যে মহিলাগৰাকী বিচনাত অচেতন অৱস্থাত পৰি আছে। মাতৃ গৰাকীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক এখন চিকিৎসালয়লৈ লৈ যায়।
কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে।