তেলেংগানাত এজন লোকে দুই কন্যা, পত্নীৰ সৈতে একেলগে আত্মহত্যা কৰা ঘটনাই এতিয়া ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নাগা ৰামাকৃষ্ণণ নামৰ তেলেংগানৰ ব্যক্তিজনে নিজৰ ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাই নিজৰ দুই কন্যা, পত্নীৰ লগতে নিজকে হত্যা কৰে।
মৃত্যুৰ পূৰ্বে নাগা ৰামাকৃষ্ণণে এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি তেওঁৰ আত্মহত্যাৰ বাবে টিআৰএছ নেতা বানামা ৰাঘবেন্দ্ৰ ৰাওৰ নাম উল্লেখ কৰি যায়।
ভাইৰেল হৈ পৰা ভিডিঅ’টোত টিআৰএছ নেতাগৰাকীৰ বিৰুদ্ধে নাগা ৰামাকৃষ্ণণে সম্পত্তি কেন্দ্ৰীক বিবাদ মীমাংসা কৰি দিয়াৰ বাবে তেওঁৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল বুলি উল্লেখ কৰে।
“মই তেওঁলোকৰ সৈতে যুদ্ধ কৰিব পৰা অৱস্থানত নাই সেয়েহে নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো,” ভিডিঅ’টোত ৰামাকৃষ্ণণে এইদৰে কয়।
নাগা ৰামকৃষ্ণণে ৰাজনৈতিক নেতাৰ বাবে এনেদৰে আত্মহত্যা কৰিবলগীয়া হোৱাৰ পাছতে এতিয়া ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দল সমূহে টিআৰএছক উভতি ধৰিছে।
ৰাজ্যখনৰ অন্যান্য বিৰোধী দল সমূহে শীঘ্ৰেই এই ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ পৰা উত্তৰ বিচাৰে।
আৰু পঢ়ক : অসম গ্ৰন্থমেলাত তলা লগাই দিয়া হ’ল কলকাতাৰ এটা প্ৰকাশকৰ বিপনীত