27 C
Guwahati
Wednesday, June 29, 2022
More

    দৃশ্য দেখি সকলো স্তম্ভিত! যুৱকে মাত্ৰ দুটা দিনতে বনালে ৬ পেক

    দৃশ্য দেখি সকলো স্তম্ভিত! যুৱকে মাত্ৰ দুটা দিনতে বনালে ৬ পেক

    এক অতিকে আচৰিত দৃশ্য, এগৰাকী লোকে মাত্ৰ দুদিনতে অশেষ কষ্টৰ বলত বনালে ৬ পেক। যি দেখি এতিয়া আচৰিত হোৱাৰ লগতে কিছু হাঁহিৰো খোৰাক পাইছে লোক সকলে।

    ৬ পেক এবছ বনোৱা বহু লোকৰে সপোন থাকে। বিশেষকৈ যুৱক সকলে নিজক সুন্দৰ দেখাবলৈ কমেও ৬ পেক এবছ বনাবৰ বাবে বহু কষ্ট কৰে। কোনোৱে আকৌ অশেষ কষ্ট কৰি ৮ পেকছ নাইবা ১২ পেকছ এবছ বনাই।

    তাৰে মাজতে এগৰাকী লোকৰ ৬ পেকৰ এক ভিডিঅ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এগৰাকী টাটু আৰ্টিষ্টে শ্বেয়াৰ কৰিছে এক ভিডিঅ।

    ভিডিঅত দেখা অনুসৰি এগৰাকী লোকে জীমত এবছ বনোৱাৰ বাবে কষ্ট কৰিছে। কিন্তু তাৰ পাছতে লোকগৰাকী উপস্থিত হয় ডীন গুন্থেৰ (`Dean Gunther) নামৰ টাটু আৰ্টিষ্ট গৰাকীৰ ওচৰত।

    View this post on Instagram

    A post shared by Dean Gunther (@dean.gunther)

    লোকগৰাকীৰ নাম এডী হল ( Eddie Hall) এডীৰ শৰীৰতে দুদিনৰ অশেষ কষ্টৰ অন্তত সুন্দৰকৈ এনে টাটু আকে ডীনে যি দেখাত হুবহু প্ৰকৃত যেন দেখা যায়।

    ৬ পেক এবছ থকা টাটু আঁকি দিয়ে এডীৰ শৰীৰত। যি টাটুৰ ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে ডীনে টাটুৰ ভিডিঅ শ্বেয়াৰ কৰি কেপছনত দিয়ে, জীম কেতিয়াও নেৰিবা, ই স্বাস্থ্যৰ বাবে ভাল।

    View this post on Instagram

    A post shared by Dean Gunther (@dean.gunther)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং