নিৰুদ্দেশ হোৱা মাতৃক অসমৰ কাৰাগাৰত বিচাৰি পালে এজন নেপালৰ ব্যক্তিয়ে! ২০১৮ চনৰ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মাতৃ…

0
10079
প্ৰতিনিধিত্বমূলক চিত্ৰ

নিৰুদ্দেশ হোৱা মাতৃক অসমৰ কাৰাগাৰত বিচাৰি পালে এজন নেপালৰ ব্যক্তিয়ে! ২০১৮ চনৰ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মাতৃ…

অবৈধভাৱে দেশত প্ৰৱেশ কৰাৰ অপৰাধত ভৰ্তি হৈ থকা অসমৰ কাছাৰ জিলাৰ এখন কাৰাগাৰত উদ্ধাৰ কৰে নেপালৰ এজন লোকে। ফিৰোজ লেহেৰী (২৬) নামৰ লোকজন নেপালৰ সৰলাহী জিলাৰ লক্ষ্মীপুৰ অঞ্চলৰ বাসিন্দা।

মাতৃ জান্নাত খাতুনক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ট্ৰেনজিট কেম্পত বন্দী কৰি ৰখাৰ তথ্য লাভ কৰাৰ পিছতে তেওঁৰ ভনীয়েক আনোৱাৰ লেহেৰী আৰু আত্মীয় সোহানা খাতুন আহিছিল।

৯ জানুৱাৰীত শিলচৰত উপস্থিত হোৱাৰ লগতে মঙলবাৰে জেললৈ গৈ মাতৃক লগ পায়। জানিব পৰা মতে, ২০১৮ চনৰ নৱেম্বৰ মাহত কাছাৰ জিলাৰ কাটিগোৰা অঞ্চলত জান্নাত খাতুনক গ্ৰেপ্তাৰ কৰা হৈছিল।

বিচাৰৰ শেষত আদালতে তেওঁৰ বাবে দুবছৰৰ শাস্তি ঘোষণা কৰে যি ২০২০ চনৰ ২৭ ডিচেম্বৰত ম্যাদ উকলি যায়। তাৰ পিছৰ পৰাই তেওঁক চেণ্ট্ৰেল জেল ট্ৰেনজিট কেম্পত ৰখা হৈছে।

শাস্তি সম্পূৰ্ণ হোৱাৰ পিছত কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষকে এই সন্দৰ্ভত কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু বিষয়টো দমন কৰি ৰখা হৈছিল আৰু জন্নত খাতুনক নিজ দেশলৈ ঘূৰাই পঠোৱাৰ কোনো চেষ্টা কৰা হোৱা নাছিল।

ফিৰোজৰ মতে, কেইবাবছৰ পূৰ্বে তেওঁৰ পিতৃ জনিফ লেহাৰীৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ মাতৃয়ে পৰিয়ালটোৰ যত্ন লৈ আহিছে, “২০১৮ চনত মোৰ মাৰ মূৰত আঘাত পাইছিল।

তাৰ পিছত মানসিক ভাৰসাম্যহীনতাত ভুগিছিল আৰু তাৰ পিছত এদিন ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। আমি সকলোতে তালাচী চলাইছিলো যদিও তেওঁৰ সন্ধান উলিয়াব পৰা নাছিলো।

আমি হৰিপুৰ আৰক্ষী চকীত নিৰুদ্দেশ হোৱা ব্যক্তিৰ প্ৰতিবেদন দাখিল কৰিছিলো কিন্তু আমি কোনো তথ্য লাভ কৰা নাছিলো।’-ফেৰ’জে কয়।অনুসন্ধান অব্যাহত ৰখাৰ পিছতো ফিৰোজে মাতৃক ঘূৰাই পোৱাৰ আশা হেৰুৱাই পেলালে।

কিন্তু হঠাৎ দুমাহমান আগতে পশ্চিমবংগৰ কালিমপং অঞ্চলৰ বাল সুৰক্ষা অভিযান নামৰ সংগঠন এটাৰ জৰিয়তে তেওঁলোকে শিলচৰত মাতৃত কাৰাবন্দী কৰি ৰখাৰ খবৰ পালে।

ইয়াৰ পিছত তেওঁলোকে নেপালৰ চৰকাৰী বিষয়াৰ সৈতে যোগাযোগ কৰি অৱশেষত তেওঁলোকে গম পালে যে জান্নাত খাতুনক দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া কাম আগবাঢ়িছে।

সেয়ে তেওঁলোকে লৰালৰিকৈ শিলচৰলৈ আহিল। ফিৰোজে লগতে কয় যে, আমি আশা কৰিছো যে এদিন বা দুদিনৰ ভিতৰত সকলো পদ্ধতি সম্পূৰ্ণ কৰি মাতৃক ঘূৰাই লৈ যাব।