‘হাতী বন্ধু’ৰ প্ৰচেষ্টা সফল, হাতীৰ বাবে খেতি কৰি নগাঁৱত সফল হৈছে ২ যুৱক

0
6037

‘হাতী বন্ধু’ৰ প্ৰচেষ্টাই সুখবৰ কঢ়িয়াই আনিছে নগাঁও জিলাৰ চাপানলাৰ ভৈয়ামৰ লোক সকলৰ বাবে । অৱশেষত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি ৰংহাঙ গাঁৱত হাতীৰ বাবে কৰা ধান খেতিত জাক জাক বন্যহস্তী সোমাইছে ।

যি দৃশ্য দেখি এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ লগতে মেঘ্না ময়ূৰ হাজৰিকা । বহু দিনীয়া কষ্টৰ ফল পাইছে তেওঁলোকে।

গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ তৎপৰতাত “হাতী বন্ধু” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘ্না ময়ূৰ হাজৰিকাৰ উদ্যোগত বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত ধান খেতি আৰু ৪০০ বিঘা মাটিত অন্যান্য খেতি কৰিছিল ।

যি খেতি এতিয়া আনন্দ মনেৰে খাইছে বন্যহস্তীয়ে । যাৰ ফলত ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছে ধান খেতি । ভৈয়ামৰ পথাৰলৈ পূৰ্বৰ বছৰৰ দৰে নামি যোৱা নাই বন্যহস্তী, যি কাৰণে মুখত হাঁহি বিৰিঙিছে কৃষক ৰাইজৰ।

Photo Credit: @batssamhaque