৭৭ দিন কেৱল কেঁচা মাংস ভক্ষণ কৰিলে এইজন যুৱকে আৰু পিছত…

0
2338
৭৭ দিন কেৱল কেঁচা মাংস ভক্ষণ কৰিলে এইজন যুৱকে আৰু পিছত...

৭৭ দিন কেৱল কেঁচা মাংস ভক্ষণ কৰিলে এইজন যুৱকে আৰু পিছত…

এজন যুৱকে নিজৰ খাদ্যক লৈ কিছুমান বিশেষ পৰীক্ষণ কৰা দেখা যায়। যি যুৱকে কেতিয়াও কণী খাই পোৱা নাছিল সেই যুৱকে কেঁচা মাংস ভক্ষণ কৰি এক বিশেষ পৰীক্ষণ কৰিছে।

এই যুৱকজন আমেৰিকাৰ।যুৱকজনে পৰীক্ষণ কৰি চাব বিচাৰিছে যে এনেদৰে তেওঁ কিমানদিন জীৱাই থাকিব পাৰে। আচৰিত কথা এয়াই যে প্ৰায় ৭৭ দিন কেৱল মাত্ৰ কেঁচা মাংসই ভক্ষণ কৰে যুৱকজনে।যুৱকজনৰ এনে কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।

এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞই কয় যে কেঁচা মাংস খোৱৰ ফলত মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে আৰু ইয়াৰ ভিতৰত খাদ্য বিষক্ৰিয়াও অন্যতম।

https://www.instagram.com/reel/CZHq52DFUkj/?utm_source=ig_embed&ig_rid=db907308-f7ea-463e-bd77-22ef1c9206e2

খবৰ অনুসৰি যুৱকজনে প্ৰতিদিনে মাছ, মাংস কাটি জন্তুৰ গাখীৰেৰে ধুই কেঁচাই ভক্ষণ কৰে।প্ৰায় ৭৭ দিন তেনেদৰে খোৱাৰ পিছতো কোনোধৰণৰ বেমাৰে দেখা দিয়া নাই যুৱকজনৰ।

আৰু পঢ়ক : মিঠাইৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড, দুজন কৰ্মচাৰীৰ মৃত্যু, এজন আহত