৬ বছৰ ধৰি নিজৰেই মূত্ৰ সেৱন, লাভ কৰিছে আচৰিত গুণ, লিখি উলিয়াইছে দুখনকৈ কিতাপো

0
8078
৬ বছৰ ধৰি নিজৰেই মূত্ৰ সেৱন, লাভ কৰিছে আচৰিত গুণ, লিখি উলিয়াইছে দুখনকৈ কিতাপো

এগৰাকী ব্যক্তিয়ে বৰ্তমানে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। বিগত ৬ বছৰ ধৰি হেনো নিজৰেই মূত্ৰ সেৱন কৰি আহিছে লোকগৰাকীয়ে।

যাৰ ফলত আচৰিত গুণ আয়ত্ব কৰাৰো দাবী লোকগৰাকীৰ। এই ব্যক্তি গৰাকী ব্ৰিটেইনৰ। নাম হেৰী মেটাডীন (Harry Matadeen).

হেৰীয়ে হেনো সংৰক্ষণ কৰি ৰখা মূত্ৰ, সেয়া ৬ মাহ পুৰণিয়ো হব পাৰে, ১ মাহ পুৰণিয়ো হব পাৰে সেয়া সেৱন কৰে।

দাবী কৰা মতে, এইদৰে নিজৰেই মূত্ৰ সেৱন কৰাৰ ফলত হেনো শৰীৰৰ ছাল শোতোঁৰা পৰা সমস্যা আঁতৰ হৈছে। অৱসাদ দূৰ হৈছে। সকলোতকৈ গুৰুত্বপূৰ্ণ, আয়ুস ৰেখা বৃদ্ধি পাইছে হেনো এইদৰে মূত্ৰ সেৱন কৰি।

হেৰীয়ে তেখেতৰ এই ৬ বছৰীয়া পৰিক্ৰমাৰ বিষয়ে আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে সদৰি কৰি ইতিমধ্যে দুখন কিতাপো লিখি উলিয়াইছে।

আৰু পঢ়ক : ধৰ্মেন্দ্ৰৰ পাছত এইবাৰ হাস্পতালত ভৰ্তি মিথুন চক্ৰৱৰ্তী