এইখন অসমৰে এই ঘটনা, শহুৰেকৰ লগত অবৈধ সম্পর্ক স্থাপন নকৰা বাবেই স্বামীয়ে পত্নীক দিলে তিনি তালাক

0
6627

এইখন অসমৰে এই ঘটনা, শহুৰেকৰ লগত অবৈধ সম্পর্ক স্থাপন নকৰা বাবেই স্বামীয়ে পত্নীক দিলে তিনি তালাক। এইখন অসমতে সংঘটিত হৈছে এই নিকৃষ্ট ঘটনা।

মৰিগাঁও জিলাৰ মিকিৰভেটাৰ গলাকটাত সংঘটিত হোৱা এই ঘটনাই পুনৰ লজ্জানত কৰিলে সভ্য সমাজক ।

দেশত নিষিদ্ধ তিনি তালাক। কিন্তু একাংশই এতিয়াও উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি অব্যাহত ৰাখিছে তিনি তালাক প্ৰথা।

তেনেই এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ গলাকাটা গাঁৱত। গাওঁ খনৰ ৰাব্বুল আলম নামৰ এজন যুৱকে ধিঙৰ কান্ধুলিমাৰিৰ এগৰাকী যুৱতীৰ সৈতে সামাজিক ৰীতি নীতিৰে বিবাহ কৰাইছিল তিনি বছৰ পূৰ্বে।

কিন্তু বিয়াৰ পিছৰে পৰা যৌতুকৰ বাবে স্বামী আৰু স্বামী ঘৰৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক ভাবে বোৱাৰী গৰাকীক নিৰ্যাতন চলাই আহিছিল । ইফালে ৰাব্বুল আলম কৰ্ম সূত্ৰে কেৰেলাত থকাৰ বাবে শহুৰেক ইমান আলিয়ে পুত্ৰ বোৱাৰীৰ লগত অবৈধ সম্পর্ক গঢ়াৰ চেষ্টা চলাইছিল ।

এই ক্ষেত্রত উদগনি যোগাইছিল স্বয়ং স্বামী ৰাব্বুল আলমে। বিগত সোমবাৰে নিশা দৰজা খুলি শহুৰেক ইমান আলীয়ে বোৱাৰীৰ ৰুমত প্ৰবেশ কৰি চোকা অস্ত্র দেখুৱাই অপকর্ম কৰিবলৈ চেষ্টা কৰোতেই বোৱাৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰে।

তাৰ পিছতেই বোৱাৰীগৰাকীক মাৰ পিট কৰি মুমুৰ্ষ অৱস্থাত পেলাই থয় শহুৰেক আৰু পৰিয়ালৰ লোকে। পুৱা বোৱাৰী গৰাকীৰ পিতৃয়ে গলাকটাৰ পৰা উদ্বাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰি ঘৰলৈ লৈ যায় নিজ কন্যাক ।

এই ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ পিতৃয়ে স্থানীয় লোকক অৱগত কৰি আৰক্ষীৰ কাষ চপাত ক্ষোভিত হৈ পৰে স্বামী ৰাব্বুল আলম । ক্ষোভতে স্বামী ৰাব্বুলে পত্নীক ফোন যোগে দিয়ে তিনি তালাক ।

তাৰোপৰি স্বামীৰ আত্মীয় চৰৰ মাতাব্বৰ জালাল উদ্দিনে বোৱাৰী গৰাকীৰ পিতৃক মৃত্যুৰ ভাবুকি দিয়াত দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো ।

দূৰ্ভগীয়া বোৱাৰী গৰাকীয়ে কণমানি পুত্ৰ সন্তানক লৈ ন্যায় বিচাৰি ঘূৰি ফুৰিছে আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ।

কিন্তু এতিয়ালৈকে আৰক্ষীয়ে নিৰ্যাতিতা বোৱাৰী গৰাকীক ন্যায় দিবলৈ সক্ষম হোৱা নাই ।সেয়ে নিৰ্যাতিতা বোৱাৰী গৰাকীৰ পিতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা সহায় ভিক্ষা মাগিছে ।

Input and Photo – Hemen Raja