অতিকৈ শোকাৱহ! পুত্ৰৰ মৃত্যুৰ খবৰ শুনি প্ৰাণ গ’ল পিতৃৰ

0
6760

অতিকৈ শোকাৱহ! পুত্ৰৰ মৃত্যুৰ খবৰ শুনি প্ৰাণ গ’ল পিতৃৰ

দেশৰ চাৰিওফালে সকলোৱে নবৰাত্ৰী উদযাপন কৰি আছে। নবৰাত্ৰীৰ সময়তে এটা শোকাৱহ ঘটনা সংঘটিত হৈছে। ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে।

জানিব পৰা মতে পালঘৰ জিলাৰ ভিৰা চহৰত এটা গৰবা অনুষ্ঠানত নৃত্য কৰি থকা অৱস্থাত এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু হয়।

দেওবাৰে নিশা বিৰাৰৰ গ্লোবেল চিটি কমপ্লেক্সত এই গৰবা অনুষ্ঠানত নৃত্য কৰি আছিল যুৱক জনে। যুৱক জনৰ নাম মনীষ নাৰ্পি চনিগ্ৰা।

নৃত্য কৰি থকাৰ সময়তে হঠাতে মনীষ মাটিত বাগৰী পৰে। মনীষক লগে লগে পিতৃ নাৰাপজী চনিগ্ৰাই চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত মনীষক মৃত বুলি ঘোষনা কৰে। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি এইবাৰ পিতৃ নাৰাপজী মাটিত বাগৰি পৰে। ব্যক্তি জনক চিকিৎসাৰ বাবে নিয়ে যদিও তেওঁৰো ঘটনাস্থলীতে মৃত্যু বৰণ কৰে।

আৰক্ষীয়ে মৃত মনীষৰ পৰিয়ালক খবৰ দি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।