অতিকৈ শোকাৱহ ! কুৱাত পৰা মোবাইল উঠাবলৈ গৈ এজন লোকৰ মৃত্যু

0
321
প্ৰতিনিধিত্বমূলক চিত্ৰ

অতিকৈ শোকাৱহ ! কুৱাত পৰা মোবাইল উঠাবলৈ গৈ এজন লোকৰ মৃত্যু

বৰ্তমান সময়ত দৈনন্দিন জীৱনত মোবাইল ফোনতো সকলোৰে বাবে অনিবাৰ্য বুলি ধৰা হয়।

এই মোবাইল ফোনতোৰ বাবে বহু সময়ত বহু ঘটনা সংঘটিত হৈছে।

এই মোবাইলতোৰ বাবেই দেওবাৰে এজন শ্ৰমিকে প্ৰাণ হেৰুৱাব লগা হ’ল।

এই শোকাৱহ ঘটনাটো মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে। নুনমাটি থানাৰ অন্তৰ্গত হিলভিউ কলিনিত আজি বিয়লি এই ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে হিলভিউ কলিনিত বাস কৰা এজন যুৱকৰ মোবাইল ফোনটো ৪০ ফুটমান দ কুৱা এটাত পৰি যায়।

ফোনটো পৰি যোৱাৰ পিছত যুৱক জনে ফোনটো উদ্ধাৰৰ বাবে বাপধনক কুৱাটোত নমাই দিয়ে।

এডাল ৰছীৰ সহায়ত কুৱাত নামি ফোন বিচাৰিবলৈ যোৱা বাপধনে কুৱাটোৰ ৰিঙত মূৰত আঘাত পোৱাৰ লগতে সম্ভৱত অস্কিজেনৰ অভাৱত প্ৰাণ হেৰুৱাই।

ঘটনাটোক লৈ লগে লগে আৰক্ষীক জনোৱাৰ পাছত এছ ডি আৰ এফৰ এটা দল তাত উপস্থিত হয়।

এছ ডি আৰ এফ বাহিনীয়ে কুৱাটোৰ ভিতৰৰ পৰা বাপধনৰ মৃতদেহটো উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ফোনৰ গৰাকী যুৱকজনক আটক কৰিছে।