অতি কৰুণ! ঘৰৰ ভিতৰৰ পানীত পৰি ৬০ বছৰীয়া এজন লোকৰ মৃত্যু

0
3702
প্ৰতিনিধিত্বমূলক চিত্ৰ

ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ মহকুমাত বানপানীৰ কালৰূপ অব্যাহত আছে। জোনাই মহকুমাৰ নাহৰ চিলে গাঁৱত মঙলবাৰে কণমানি কন্যা শিশু এটি চাং ঘৰৰ পৰা বাঢ়নী পানীত পৰি কৰুণ মৃত্যুক সাৱটি লোৱাৰ পিছত মঙলবাৰে নিশা জোনাই মহকুমাত আৰু এজন লোকৰ বানপানীত মৃত্যুক সাৱটি লয়।

জানিব পৰা মতে জোনাই মহকুমাৰ অকলেণ্ড শান্তিপুৰ গাঁৱৰ বলৰাম ভূমিজ (৬০) নামৰ লোকজন বানপানীত পৰি মৃত্যু হয়।

সমগ্ৰ এলেকাটো বানৰ কৱলত থকাত মঙলবাৰে নিশা বলৰাম ভূমিজৰ বোৱাৰীয়ে সন্তান দুটালৈ ওচৰৰ ওখ ঠাইত থকা মানুহৰ ঘৰত নিশা কটায়।

কিন্তু বানপানীত বুৰ গৈ থকা ঘৰতে বলৰাম ভূমিজে বোৱাৰীয়ে দিয়া ভাত-পানী খাই যোৱা নিশা অকলে শুই থাকে।

কিন্তু আজি দুপৰীয়া বোৱাৰীয়ে ঘৰলৈ আহি বলৰাম ভূমিজক ঘৰৰ ভিতৰৰে পানীত মৃত অৱস্থাত উদ্ধাৰ কৰে।

এনেদৰে নিজৰ ঘৰৰ ভিতৰতে বানপানীত পৰি বলৰাম ভূমিজে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই ৰাইজৰ মাজত শোকৰ ছাঁ পেলায়।