24 C
Guwahati
Tuesday, September 27, 2022
More

    শোকাৱহ দুৰ্ঘটনা; ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন লোকে

    ডিমৌ সমীপৰ সৰু দিৰৈত শোকাৱহ ঘটনা। ৰেলৰ খুন্দাত এজন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই পৰ্যন্ত মৃত্যু হোৱা লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

    খৰাহাটা ৰেল ষ্টেচনৰ সমীপৰ সৰু দিৰৈত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। ঘটনাৰ সন্দৰ্ভত সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    অচিনাক্ত ব্যক্তিজনক ইণ্টাৰচিটি এক্সপ্রেছে খুন্দিওৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

    বহু সময় ধৰি ৰেল লাইনতে পৰি থকা মৃতদেহৰ ওপৰেদি পাৰ হৈ গ’ল কেইবাখনো যাত্ৰীবাহী আৰু মালবাহী ট্ৰেইন।

    স্থানীয় ৰাইজৰ অভিযোগ ছিন্ন বিছিন্ন মৃতদেহ পাচঁ ঘন্টাতকৈ অধিক সময় পৰি ৰ’ল ৰেল লাইনত। ইপিনে বহু পলম কৈ ৰেল বিভাগৰ লোক ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং