28 C
Guwahati
Thursday, September 16, 2021
More

    পৰিৱেশ সজাগতাৰ বাবে চাইকেল যাত্ৰা কৰি এগৰাকী শিক্ষকৰ ওচৰত নিৰ্যাতনৰ বলি ৫ কিশোৰ, শিক্ষক আটক

    পৰিৱেশন প্ৰদুষণৰ প্ৰতি সজাগতা আনিবলৈ ১১ খন জিলা ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল বিশ্বনাথৰ পাছজন  কিশোৰে ৷ প্ৰখৰ ৰ’দকো নেওচি ৰাজ্যবাসীক পৰিবেশ প্ৰদুষণৰ প্ৰতি সজাগ কৰি তোলাৰ উদেশ্য আগত ৰাখি চাইকেল চলাই ৰাজ্যৰ ১১ খনকৈ জিলা পৰিভ্ৰমণ কৰিবলৈ আগবঢ়া কিশোৰ কেইজন লক্ষীমপুৰ জিলাত আক্ৰমণৰ বলি হৈছে  ৷

    লক্ষীমপুৰৰ ঢকুৱাখানাৰ বাসুদেৱ থানৰ পৰা ওভতাৰ পথত, পথৰ কাষত চাইকেল ৰখাই জিৰণি লৈ থকাৰ সময়তেই কিশোৰ কেইজনক প্ৰহাৰ কৰে এজন লোকে ৷ এজন কিশোৰে চাইকেলখন পথৰ নিচেই  কাষতে ৰখাই থোৱাৰ বাবেই খৰ্গহস্ত হৈ পৰে সত্যনাথ বৰুৱা নামৰ আক্ৰমন কৰা লোকজন ৷

    চৰ গোৰ মাৰি অপদস্থ কৰা হয় দলটোৰ ধ্ৰপদ্বীপ শইকীয়া নামৰ  কিশোৰজনক ৷ কিশোৰ কেইজনে বাৰে বাৰে কাকুতি কাৰৰ পিছতো কোনো কথা নুশুনি, হিন্দী চিনেমাৰ হিৰ’ৰ দৰে গাড়ীৰ পৰা ওলাই আহি আক্ৰমণ কৰা লোকজনে ৷

    উল্লেখ্য  যে  প্ৰতিদিনে ৮০ ৰ পৰা ১০০ কি: মি: পথ অতিক্ৰম কৰাৰ লক্ষ্য কিশোৰ কেইজনৰ ৷ বিশ্বনাথ চাৰিআলিৰ লেষ্ট পেডেলৰ নামৰ সংগঠনটোৰ সহযোগত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সন্মুখৰ পৰা  চাইকেল যাত্ৰা আৰম্ভ কৰিছিল কিশোৰ কেইজনে । 

    ৰাজ্যৰ পৰিৱেশ প্ৰদুষণ মুক্ত কৰাৰ উদেশ্যে তেওঁলোকৰ এই চাইকেল যাত্ৰা ৷ এই চাইকেল যাত্ৰাৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে উজনি অসমৰ পৰা প্ৰায় ১১ খন জিলা পৰিভ্ৰমণ কৰাৰ কথা বিশ্বনাথৰ এই পাঁচ ব্যতিক্ৰমী কিশোৰৰ ৷

    ইফালে এই ঘটনাৰ পিছতেই ঢ়কুৱাখনা আৰক্ষী থানাত আছুৱে কিশোৰ কেইজনৰ হৈ এজাহাৰ দাখিল কৰিছে ৷ এখন সুন্দৰ প্ৰদূষণমুক্ত সমাজ গঢ়াৰ বাণী বিলাই বিশ্বনাথ চাৰিআলিৰ পৰা গোগামুখ হৈ ঢকুৱাখনাৰ বাসুদেৱ থান পৰিদৰ্শন কৰি ঘূৰি অহা পথতে শাৰীৰিক নিৰ্যাতন বলি হোৱা বিশ্বনাথৰ কিশোৰ গৰাকীৰ ভিডিও ভাইৰেল হৈ যোৱা পাছতে ঢকুৱাখনা আৰক্ষীয়ে বিশেষ তৎপৰতাৰে অপৰাধী শিক্ষক সত্যনাথ বৰুৱাক আটক কৰে কৰিছে।  

    বাসুদেৱ অঞ্চলৰ কৰঙাৰ সত্যনাথ বৰুৱা পিছাত এগৰাকী শিক্ষক, লগতে এগৰাকী ঠিকাদাৰ। যাৰ বাবে গুৰু গোঁসাই নামানি সৰু সৰু লৰা কেইজনক আক্ৰমণ কৰিছিল ব্যক্তিজনে।

    এক মহৎ উদ্দেশ্য ৰাখি চাইকেলেৰে যাত্ৰা আৰম্ভ কৰা কিশোৰ কেইজনক এনেদৰে আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিছে । ভণ্ড শিক্ষক সত্যনাথ বৰুৱাক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

    Input and Photo- Sayanika Deka

    আৰু পঢ়ক : চেলুনলৈ গৈ যুৱকে বিচাৰিলে বিশেষ কেশসজ্জা, নাপিতে ক’লে ‘জীয়াই থকাই টান হৈ পৰিব’- ভাইৰেল ভিডিঅ’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং