কাৰ্বি আংলং জিলাত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

নিশা ব্যৱসায়ীক কাম কাজ শেষ কৰি ঘৰলৈ উভতাৰ পথত হাতীয়ে আদবাটতে আগুচি ধৰে লোকজনক

0
39

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু৷ দীৰ্ঘদিন ধৰি পাহাৰীয়া জিলাখনত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সেই সংঘাটৰ বাবেই এইবাৰ হাতীৰ আক্ৰমণত মৃত্যু এজনৰ।

নিশা ব্যৱসায়ীক কাম কাজ শেষ কৰি ঘৰলৈ উভতাৰ পথত হাতীয়ে আদবাটতে আগুচি ধৰে লোকজনক। আক্ৰমণ ফলতেই লোকজনৰ থিতাতে মৃত্যু হয়। হাতীৰ আক্ৰমনত মৃত্যু হোৱা লোকজন মাটিখোলা গাঁৱৰ বিচন চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Photo: Yogi Jyoti Prashad Hazarika