বন্ধন গোটৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা এজনৰ

প্ৰায়ে একাংশ এজেণ্ট আৰু গোটৰ মহিলাই লোকজনৰ ঘৰলৈ আহি কিস্তিৰ নামত দাবী ধমকি দিয়াৰ অভিযোগ মৃত লোকজনৰ কন্যাৰ

0
492

ৰঙিয়াৰ সাহানত সংঘটিত হৈছে এক কৰুণ ঘটনা। বন্ধন গোটৰ ঋণ পৰিশোধ কৰিব নোৱাৰি এজন লোকৰ চিপ লৈ আত্মহত্যা। লোকজনৰ আত্মহত্যা কৰা ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। মৃত লোকজনৰ নাম খোৰচেদ আলী।

প্ৰায়ে একাংশ এজেণ্ট আৰু গোটৰ মহিলাই লোকজনৰ ঘৰলৈ আহি কিস্তিৰ নামত দাবী ধমকি দিয়াৰ অভিযোগ মৃত লোকজনৰ কন্যাৰ। কন্যাৰ বিয়াৰ বাবে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈছিল লোকজনে। লোকজনে দিন হাজিৰা কৰি পোহপাল দি আছিল ৪ জনীয়া পৰিয়ালটোক।