ভাঙৰ ৰাগীত নিজেই নিজৰ গুপ্তাংগ কাটিলে চাহাজুলে
মঙলদৈত সংঘটিত হৈছে এই ঘটনা, ভাঙৰ নিছাত কব নোৱাৰা হৈ নিজেই নিজৰ গুপ্তাংগ কাটি পেলালে এজন লোকে। যাক পাছত লোকগৰাকীকততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।
চিকিৎসাৰ অন্তত প্ৰাণ ৰক্ষা পৰে লোকগৰাকীৰ, বৰ্তমানে চিকিৎসক সংকটমুক্ত বুলি জানিবলৈ দিছে। লোকগাৰকীৰ নাম মহম্মদ চাহাজুল আলী।
মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে লোকগৰাকী। লগতে জানিব পৰা অনুসৰি নিজৰ গুপ্তাংগ কাটি পেৱোলাৰ কাৰণ তেখেতে নিজৰ ৰাজ্যৰ বাবে আজি পৰ্যন্ত একো কৰিব নোৱাৰিলে।
চাহাজুল আলীয়ে দিয়া ভাষ্য অনুসৰি, চলিত বছৰত হেনো ৰাজ্যত এক বিপদজনক ঘটনা ঘটিব। বহু বছৰ পূৰ্বৰে পৰা চাহাজুলে এই বিষয়ে জানে। কিন্তু একো কৰিব নোৱাৰি অধিক চিন্তিত হৈ পৰে।
চাহাজুলে দিয়া ভাষ্য অনসুৰি চিন্তা থাকি থাকি শেষত গাঞ্জা সেৱন কৰিবলৈ আৰম্ভ কৰে। কিন্তু ধৰ্মই চাহাজুলক গাঞ্জা ব্যৱহাৰ কৰা নিষেধ। সেয়ে হেনো শান্তি স্থাপনৰ বাবে এই পদক্ষেপ লৈছে ।
লগতে ইয়াকো কয় যে, যদি এই কাম কৰি চাহাজুল মৰি নাযায় , তেন্তে পুনৰ একেধৰণৰ কিবা এটা কৰিব বিচাৰে।
চাহাজুল আলীয়ে দাবী কৰে যে গাঞ্জা আৰু ধূমপান কৰাটো তেওঁৰ বাবে ধ্যানৰ দৰে। বৰ্তমানে সকলোতে ভাইৰেল হৈ পৰিছে চাহাজুলৰ এই ঘটনা।
আৰু পঢ়ক :- কামৰ পৰা উভতাৰ সময়তে শ্ৰমিক ভৰ্তি বাহন উফৰি পৰিল ৰাজপথত, ৩০ৰো অধিক শ্ৰমিক আহত