
ইণ্ডিগো বিমানৰ শৌচাগাৰত ধূমপান কৰাৰ অভিযোগত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছে। এক সূত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰে।
বিমানবন্দৰ আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোকজনক শ্বেহাৰী চৌধাৰী বুলি চিনাক্ত কৰা হৈছে। 6E 716 ইণ্ডিগো বিমানেৰে অসমৰ পৰা বেংগালুৰুলৈ আহি থকা অৱস্থাত তেওঁ বিমানৰ শৌচাগাৰত ধূমপান কৰা বুলি স্বীকাৰ কৰিছে।
অভিযুক্ত যাত্ৰীজনে বিমানখন উৰি থকা সময়তে আন যাত্ৰীসকলৰ সুৰক্ষাৰ কথা নাভাবি ধূমপান কৰিছিল। বিমানখনৰ ক্ৰিউ মেম্বাৰে এই কথা জানিব পাৰি ঘটনাৰ বিষয়ে বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে।
বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে লোকজনক জিম্মাত লোৱা হয়। শুকুৰবাৰে নিশা ১.৩০ বজাত সংঘটিত হৈছিল এই ঘটনা। এই সন্দৰ্ভত বিমানবন্দৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, এই লোকজন অসমৰ কোন ঠাইৰ সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।