হায়দৰাবাদ বৰষুণঃ পানীৰ কোবাল সোঁতত বৈ গ’ল এজন লোক; সহায়ৰ বাবে থাকিল চিঞৰি

হায়দৰাবাদৰ ফলকনুমাৰ সমীপৰ বৰকছৰ পৰা এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত এজন লোকক বানপানীৰ কোবাল সোঁতে উটুৱাই লৈ যোৱা দেখা পোৱা যায়

0
3782

তেলেংগানাত বিগত ৩ দিন ধৰি অব্যাহত থকা বৰষুণৰ ফলত ৰাজ্যখনৰ ১৪খন জিলা সম্পূৰ্ণভাৱে জলমগ্ন হৈ পৰে।

ৰাজধানী হায়দৰাবাদৰ পৰিস্থিতি যথেষ্ট বেয়া। ৰাজপথত কেৱল পানী আৰু পানী।

কেইবাটাও স্থানত পানীৰ সোঁত ইমান আছিল যে ডাঙৰ ডাঙৰ গাড়ী উটুৱাই লৈ যোৱাৰ লগতে মানুহো উটি যোৱা দেখা পোৱা যায়।

হায়দৰাবাদৰ ফলকনুমাৰ সমীপৰ বৰকছৰ পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত এজন লোকক বানপানীৰ কোবাল সোঁতে উটুৱাই লৈ যোৱা দেখা পোৱা যায়।

ভিডিঅ’টোত দেখা পোৱা গৈছে যে কেইজনমান লোকে উটি যোৱা লোকজনৰ প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু সহায়ৰ বাবে চিঞৰে।

বিপদত পৰা লোকজনে উটি গৈ এটা খুঁটাত ধৰিব খোজে যদিও পানীৰ সোঁতে তেওঁক উটুৱাই লৈ যায়।

ভিডিঅ’টোত দুজন লোকক অসহায় অৱস্থাত থিয় হৈ থকা দেখা গৈছে।

ভিডিঅ’টো যদিও পোহৰলৈ আহিছে কিন্তু লোকজনৰ প্ৰাণৰক্ষা কৰিব পৰা গ’ল নে নগ’ল সেয়া স্পষ্ট নহয়।

সোমবাৰৰ দিনটোত হায়দৰাবাদত ২৪ ঘণ্টাৰ ভিতৰত ২০ ছেণ্টিমিটাৰ বৰষুণ হয়।

ইয়াৰ পৰা কেইবাটাও ভিডিঅ’ পোহৰলৈ আহে, য’ত গাড়ী ভাহি যোৱা দেখা পোৱা গৈছে।

ছৰুৰনগৰৰ গ্ৰীণ পাৰ্ক কলনীৰ পৰা এটা ২০ ছেকেণ্ডৰ ভিডিঅ’ পোহৰলৈ আহিছে, য’ত ২খন গাড়ী বৈ যোৱা দেখা পোৱা যায়।

আনহাতে, আন এটা ভিডিঅ’ত দেখা পোৱা গৈছে যে, এটা ঘৰৰ সন্মুখত ৰৈ থকা এখন বাহন উটি যায়।

তেলেংগানাত অব্যাহত থকা এই মুষলধাৰ বৰষুণৰ ফলত বৰ্তমানলৈ ১৩জন লোকে প্ৰাণ হেৰুৱাইছে।

সোমবাৰে নিশা এখন বাউণ্ডেৰী দেৱাল খহি ১০টা ঘৰৰ ওপৰত পৰে।

এই দুৰ্ঘটনাটোত ২ মাহৰ এটি কণমানিসহ ৯জন লোকৰ মৃত্যু হয়।

চহৰখনৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

Photo Credit: NDTV