নিজৰেই দুই কন্যা আৰু নাতি-নাতিনীসহ মুঠ ৭জনক জীৱন্তে জ্বলাই হত্যা পিতৃৰ

0
5350
মিঠাইৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড, দুজন কৰ্মচাৰীৰ মৃত্যু, এজন আহত
প্ৰতিনিধিত্বমূলক চিত্ৰ

নিজৰেই দুই কন্যা আৰু নাতি-নাতিনীসহ মুঠ ৭জনক জীৱন্তে জ্বলাই হত্যা পিতৃৰ

অতিকে নিদাৰুণ ঘটনা , এগাৰকী পিতৃয়ে নিজৰেই সম্পূৰ্ণ পৰিয়ালক জ্বলাই হত্যা কৰে। নিজৰেই দুগৰাকী কন্যা, এগাৰকী জোঁৱাই আৰু চাৰি নাতি-নাতিনীকো ৰেহাই নিদিলে পিতৃয়ে।

নিজৰ আত্মসন্মান লাঘৱ হোৱা বুলিয়েই অতি নিষ্ঠুৰতাৰে অগ্নিসংযোগ কৰি পুৰি মাৰে সকলোকে। এই ঘটনা সংঘটিত হৈছে ভাৰতৰ চুবুৰীয়া ৰাজ্য পাকিস্থানত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি মঞ্জুৰ হুছেইন নামৰ লোকগৰাকীৰ এগৰাকী কন্যাই পিতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ কৰাইছিল। যাৰ বাবে খঙতে অগ্নিশৰ্মা হৈ আছিল লোকগৰাকী।

শেষত এদিন চেগ বুজি পিতৃয়ে পলাই যোৱা কন্যা সহ নিজৰ জ্যেষ্ঠ কন্যাৰ পৰিয়ালৰো সকলোৱে ঘৰত থকাৰ সময়তে ঘৰটোতে অগ্নি সংযোগ কৰা পলায়ন কৰে।

সৌভাগ্যক্ৰমে ব্যৱসায়ৰ কামত বাহিৰত থকা সৰু জোৱাই এই ঘটনাৰ পৰা ৰক্ষা পৰে। আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি পিতৃৰ অমতত গৈ সৰু কন্যা আৰু তেওঁ ২০২০ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।

যাৰ বাবে সকলোৰে ওপৰত খং উঠি আছিল পিতৃৰ । আৰি তাৰেই পৰিণতিত সকলোকে জ্বলাই পুৰি মাৰে। কিয়নো ঘটনাৰ দিনা ঘৰত অগ্নি সংযোগ কৰি ঘৰৰ পৰা পিতৃ আৰু পুত্ৰ পলাই যোৱা দেখা পায।

বৰ্তমানে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ তৰিছে সৰু জোৱাইয়ে। শহুৰ পিতৃ আৰু পত্নীৰ ভায়েকৰ বিৰুদ্ধে অনাৰ কিলিঙৰ গোচৰ তৰিছে ।

আৰু পঢ়ক : পেটৰ বিষৰ যন্ত্ৰনাত গৈছিল হস্পাতাললৈ, চিকিৎসকে পাথৰৰ সলনি উলিয়াই আনিলে কিডনী, মৃত্যু