33 C
Guwahati
Monday, September 26, 2022
More

    তিনি ইঞ্চি ওখ হ’বলৈ এজন লোকে বেংকৰ পৰা ল’লে ৬০ লাখ টকাৰ ঋণ

    শৰীৰৰ উচ্চতাই কেতিয়াবা হয়টো বহুতকে অস্বস্তিত পেলাইছে। চাপৰ লোকসকলে বহু সময়ত বহু লোকৰ পৰা ঠাট্টা মস্কৰাও সহ্য কৰিবলগীয়া হৈছে। চাপৰ লোকসকলে হয়টো মনে মনে ওখ হোৱাৰ সপোনো পুহি ৰাখে। বহু সময়ত তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰি ওখ হোৱাৰো চেষ্টা কৰে।

    কিন্তু চাৰ্জাৰীৰ সহায়ত কোনোবা লোক ওখ হোৱাটো কেতিয়াবা আপুনি শুনিছেনে। যদি শুনা নাই তেন্তে আমাৰ এই লিখাটো পঢ়ক…

    বিজনেছইনছাইডাৰৰ এক প্ৰতিবেদন অনুসৰি এজন লোকে নিজৰ উচ্চতা ৩ ইঞ্চি বৃদ্ধি কৰাৰ বাবে লোকজনে বেংকৰ পৰা লৈছে ঋণ। এই খবৰ এতিয়া ছ’চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰিছে।

    এই ব্যক্তিজনৰ নাম জন লাভডেল। তেওঁ আমেৰিকাৰ বাসিন্দা। তেওঁৰ দৈৰ্ঘ্য ৩ ইঞ্চি বৃদ্ধি কৰিবলৈ তেওঁ বেংকৰ পৰা ৭৫ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৬০ লাখ টকাৰ ঋণ লৈছে। এই ঋণ পৰিশোধ কৰিবলৈ ব্যক্তিজনে ৫ বছৰলৈ কিস্তি দিব লাগিব।

    জানিব পৰা মতে, বেংকৰ পৰা লোৱা ঋণৰ সহায়ত এই ব্যক্তিজনে নিজৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে।

    প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, অস্ত্ৰোপচাৰৰ পূৰ্বে জনৰ উচ্চতা আছিল ৫ ফুট ১১ ইঞ্চি। কিন্তু এতিয়া তেওঁ উচ্চতা ৬ ফুট ১ ইঞ্চিলৈ বৃদ্ধি কৰিছে।

    এই সমগ্ৰ বিষয়টো সন্দৰ্ভত জনে কয় যে সমাজে ওখ মানুহক বেলেগ দৃষ্টিভংগীৰে চায়। সেইবাবেই তেওঁ ওখ হ’ব বিচাৰে।

    উল্লেখ্য যে জনে এই অস্ত্ৰোপচাৰৰ বিষয়ে ছ’চিয়েল মিডিয়াৰ পৰা জানিব পাৰিছিল। এই কথা জানিব পৰাৰ পিছতে জনে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ সিদ্ধান্ত লয়। সেয়ে তেওঁ বেংকৰ পৰা ঋণ ল’বলগীয়া হয়।

    সাধাৰণতে আমেৰিকাৰ একাংশ লোকে এনেধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাইছে। ইয়াক কচমেটিক লেগ লেংথেনিং চাৰ্জাৰী বোলা হয়।

    এই অস্ত্ৰোপচাৰত মানুহৰ উৰুৰ হাড় ভাঙি এডজাষ্টেবল মেটেল নেল্ছ প্ৰয়োগ কৰা হয়। অৱশ্যে এই প্ৰক্ৰিয়াত কেইমাহমান সময় লাগে বুলি বিশেষজ্ঞই জানিবলৈ দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং