16 C
Guwahati
Friday, December 3, 2021
More

    দুমাহ ধৰি প্লাষ্টিক বটলত সোমাই আছিল শৰীৰৰ অংগ, চিকিৎসকে দেখাৰ লগে লগে পেলালে কাটি…

    দুমাহ ধৰি প্লাষ্টিক বটলত সোমাই আছিল শৰীৰৰ অংগ, চিকিৎসকে দেখাৰ লগে লগে পেলালে কাটি…

    কেনে লাগিব যদিহে আপোনাৰ এটা আঙুলি মাত্ৰ কেইদিনমান কোনো বস্তুৰ মাজত ভৰাই ৰাখে… তেজ চলাচল বন্ধ হৈ বগা পৰি উঠিব, হয়তো ফুলি উঠিব, নাইবা তেনে কোনো অন্য দুৰ্দশা হব। পিছে এজন মানুহৰ শৰীৰৰ এক অংগ দুমাহ ধৰি প্লাষ্টিক বটলত সোমাই আছিল । যাৰ ফলত তেজ চলাচল বন্ধ হৈ পচিবলৈ ধৰিছিল সেই অংগ।

    এই ঘটনা ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ নেপালৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লোকগৰাকী কিছু মানসিক ৰোগী। ৪৫ বৰ্ষীয় লোকগৰাকীয়ে প্লাষ্টিক বটলত ভৰাই দিছিল নিজৰেই গুপ্তাংগ।

    কিন্তু পিছত বহু চেষ্টা কৰিও বটলৰ পৰা গুপ্তাংগ বাহিৰ কৰাত বিফল হয়। পিছে সেই কথাত বৰ বিশেষ এটা গুৰুত্ব প্ৰদান নকৰে মানুহ জনে। আৰু তেনে অৱস্থাতেই বিগত ২টা মাহ ধৰি সকলোৰে পৰা গোপনে ৰাখে এই ভয়ংকৰ ঘটনা।

    কিন্তু শেষত যেতিয়া গুপ্তাংগ পচিবলৈ ধৰে আৰু তীব্ৰ বিষ অনুভৱ হয়, তেহে পৰিয়ালৰ মানুহক এই বিষয়ে জ্ঞাত কৰায় আৰু চিকিৎসকৰ কাষ চাপে।

    ঘটনা দেখি চিকিৎসকেও হতভম্ব হৈ পৰে। ইমান খিনি পৰ্যন্ত হোৱাৰ পিছতো মনে মনে কিদৰে থাকে মানুহ গৰাকীয়ে। চিকিৎসকে পিছত বহু চেষ্টা কৰিও গুপ্তাংগৰ পৰা বটল বাহিৰ কৰিবলৈ বিফল হয়।

    পিছত লোকগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ জৰিয়তে পচিবলৈ ধৰা গুপ্তাংগকে কাটি শৰীৰৰ পৰা বিচ্ছিন্ন কৰে।

    চিকিৎসকে জনোৱা অনুসৰি প্ৰায়ে লোকগৰাকীয়ে প্লাষ্টিকৰ বটলৰ সৈতে কিবা কিবি আচৰিত কাম কাজ কৰি থাকে। এইবাৰ নিজৰ গুপ্তাংগকে ভৰাই চাইছিল বটলত। কিন্তু ঘটনা গৈ বিষম হৈ পৰে।

    আৰু পঢ়ক : কৰুণ মৃত্যু- ৰে’লপথ পাৰ হব লওঁতেই একেলগে মৃত্যু মাতৃ-কন্য়াৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং